'লকডাউন':ঘৰতে থাকি মইনা মেলৰ অনলাইন প্ৰশিক্ষণ শিৱসাগৰ জিলা মইনা পাৰিজাতৰ

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

সমগ্ৰ বিশ্বতে এতিয়া ক'ৰ'নাৰ সন্ত্ৰাস।ক'ৰ'না আতংকৰ বাবে দেশজুৰি 'লকডাউন' অব্যাহত।'লকডাউন'ৰ বাবে এতিয়া বন্ধ হৈ পৰিছে বিদ্যালয়, মহাবিদ্যালয়কে আদি কৰি ৰাজহুৱা অনুষ্ঠানসমূহ।অনলাইন সেৱাৰ জৰিয়তে সকলোকে কাম কৰাৰ নিৰ্দেশ চৰকাৰৰ।তেনে সময়তে শিশুসকলৰ প্রিয় অনুষ্ঠান মইনা মেলসমূহো বন্ধ হৈ পৰিছে।লকডাউনৰ বাবে ঘৰতে থাকি মইনাহঁতে মইনা মেলৰ প্ৰশিক্ষণ ল'ব পৰাকৈ শিৱসাগৰ জিলা মইনা পাৰিজাতে গ্ৰহণ কৰিছে আদৰণীয় পদক্ষেপ।ঘৰতে থাকি অনলাইন সেৱাৰ জৰিয়তে অনলাইন মইনা মেল আয়োজন কৰি দেওবাৰে শুভ উদ্বোধন কৰে সদৌ অসম মইনা পাৰিজাতৰ সাধাৰণ সম্পাদক ৰাতুল বৰাই।

Pic

প্ৰতি সপ্তাহৰ বৃহস্পতিবাৰে আৰু দেওবাৰে দিনৰ ১২ বজাৰ পৰা ২ বজালৈ অনুষ্ঠিত হ'ব এই অনুষ্ঠানৰ।মইনা পাৰিজাতৰ মইনাসকলে অংশগ্ৰহণ কৰি কবিতা,গান,আদিৰ চৰ্চা পৰিৱেশন কৰিব পাৰিব।দেওবাৰে শুভ উদ্বোধনৰ দিনাও মইনাহঁঁতে পৰিৱেশন কৰি শুনালে কবিতা, বক্তৃতা আৰু নাটকৰ সংলাপ।শিৱসাগৰ জিলা মইনা পাৰিজাতৰ এই আদৰণীয় পদক্ষেপৰ সকলোৱে শলাগ লৈছে। এই অনুষ্ঠানৰ বিষয়ে অধিক জানিবলৈ হ'লে  ৯৩৬৫৫৯৮৯২৩ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।

Your Comments