মৰিগাঁঁৱৰ পৰা জিতুমণি নাথ:
ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত ৰেড জ'নৰ পৰা অৰেঞ্জ জ'নলৈ গতি কৰা মৰিগাঁও জিলাৰ জনসাধৰণক সুৰক্ষিত কৰাৰ ক্ষেত্রত জিলা প্ৰশাসনে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি দেওবাৰে সন্ধিয়া মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ জিএনএম কেন্দ্রত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে অনুষ্ঠিত কৰা যুটীয়া সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।জিলাখনৰ নাগৰিকক সুৰক্ষিত কৰাৰ স্বাৰ্থত জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাই জিলাখনৰ প্ৰতিঘৰ পৰিয়াললৈ গৈ স্বাস্থ্য বুজ লোৱাৰ লগতে সন্দেহজনক লোকসকলক চিনাক্ত কৰি পৰীক্ষাৰ ব্যৱস্থা কৰাব।ঘৰে ঘৰে স্বাস্থ্যৰ বুজ ল'বলৈ স্বাস্থ্য কৰ্মী,নাৰ্ছ, আশা কৰ্মী,চিকিৎসকৰ দল যাব বুলি জনিবলৈ দিছে মৰিগাঁও ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ডি পি এম জুফিন চুলতানাই।তদুপৰি, এই অভিযান অহা ৭ মেৰ পৰা আৰম্ভ হ'ব বুলি জনিবলৈ দিয়ে। সভাত আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা,জিলা পৰিষদৰ মুখ্যকাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়া,জিলা উন্নয়ন আয়ুক্ত দীপা দাস,অতিৰিক্ত উপায়ুক্ত ডা০ তহিদুৰ ৰহমান,যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰোহিণী বৰকটকী,মৰিগাঁও জিলাৰ আই ডি এছ পিৰ ভাৰপ্ৰাপ্ত বিষয়া,জ্যেষ্ঠ চিকিৎসক ডাঃ অৰুণ কুমাৰ নাথ,অতিৰিক্ত স্বাস্থ্য সঞ্চালক ডাঃ যোগল চন্দ্ৰ কলিতাকে আদি কৰি জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উচ্চ পদস্থ বিষয়া সকলে অংশগ্ৰহণ কৰে।ইফালে,জিলা উপায়ুক্ত ঋতুৰাজ বৰাই মৰিগাঁও জিলা যাতে পুনৰ ৰেড জ'নত অন্তভুক্ত নহয় তাৰ প্ৰতি জিলাখনৰ নাগৰিকক সজাগ আৰু সচেতন হৈ সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ ক্ষেত্রত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়।
- Log in to post comments
- 30 views