শিৱসাগৰৰ মিলনকুৰত ২২৪ টা দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

দেশজুৰি 'লকডাউন' বলৱৎ হৈ থকাত চহৰ-নগৰৰ লগতে    গ্ৰামাঞ্চলৰ জনসাধাৰণ ঘৰৰ ভিতৰত আৱদ্ধ হৈ থকাত  শসাধাৰণ জনসাধাৰণ কৰ্ম-সংস্থাপনৰ পৰা বঞ্চিত হোৱাৰ লগতে ব্যাপক খাদ্য সংকটত পৰা পৰিলক্ষিত হৈছে।সদৌ ভাৰত অনুসূচিত জাতি- জনজাতি কৰ্মচাৰী কল্যাণ সন্থা,অএনজিচি,অসম সম্পদ শিৱসাগৰ উদ্যোগত  শআৰু স্থানীয় টিএমপিকে পশ্চিম পানীদিহিং আঞ্চলিক সমিতিৰ সহযোগত শনিবাৰে জিলাখনৰ পানীদিহিং মৌজাৰ অতি ভিতৰুৱা মিলনকুৰ গাঁৱৰ ২২৪ ঘৰ দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে।সন্থাৰ তৰফৰ পৰা ৰাইজক চাউল,মিঠাতেল,আলু,পিয়াঁজ, নহৰু, দালি,চাবোন,নিমখ বিতৰণ কৰে।

প

কৰ্মচাৰী কল্যাণ সন্থাৰ  উপ-সভাপতি ডেম্বিৰাম পাংগিং, কাৰ্যকৰী সদস্য পি কে দাস, দিগন্ত সৰু দেউৰী,দ্বীপেশ্বৰ বড়ী,মণিৰাম কছাৰী, দিগন্ত মেছ, দীপক টাই, ধীৰাজ পাংগং,টিএমপিকেৰ শিৱসাগৰ জিলা সমিতিৰ সক্ৰিয় সদস্য নিৰ্মল মিলি,পশ্চিম পানীদিহিং আঞ্চলিক সমিতিৰ  সভাপতি বিকেশ্বৰ য়েইন,সহ:সম্পাদক দিব্যজ্যোতি মিলি,সদস্য ৰমেন পেগু, শিৱসাগৰ নগৰ সমিতিৰ সম্পাদক বিদ্যাসাগৰ দলে তথা এম এম কে পশ্চিম পানীদিহিং  আঞ্চলিক সমিতিৰ সম্পাদক দেৱজিৎ চুংক্ৰাং ধৰি অঞ্চলটোৰ ভালেকেইগৰাকী নেতা বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে।

Your Comments