নলবাৰীত দুই সহস্ৰাধিক পৰিয়ালক সাহায্য প্ৰদান সাংসদ দিলীপ শইকীয়াৰ       

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

ক'ৰ'না ভাইৰাছ প্ৰতিৰোধৰ বাবে সমগ্র দেশতে চলি থকা তলাবন্ধৰ কবলত পৰি দৰিদ্ৰ লোকসকলে এসাঁজ ভাতৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তে আৰ্তজনক খাদ্য সংকটৰ পৰা কিছু সকাহ দিয়াৰ বাবে সাংসদ দিলীপ শইকীয়াই ব‍্যাপক তৎপৰতা চলাই আহিছে। তলাবন্ধ ঘোষণাৰ দিনাৰ পৰা মঙলদৈ সমষ্টিৰ লগতে নলবাৰী সমষ্টিতো গৰীৱ ৰাইজে যাতে খাদ্যৰ অভাৱত নপৰে,তাৰ প্ৰতি লক্ষ্য ৰাখি বিগত দিনসমূহত সাংসদগৰাকীয়ে নিজাববীয়াকৈ তথা দলীয় কৰ্মীসকলৰ সহাযোগত সমষ্টিটোত সিঁচৰিত হৈ থকা গৰীৱ লোকসকলৰ মাজত খাদ্য -সামগ্ৰী বিতৰণ কৰাৰ সমান্তৰালভাৱে নলবাৰী সমষ্টিৰ অন্তৰ্গত ১৯ খন গাঁও পঞ্চায়তৰ প্ৰায় ২ সহস্ৰাধিক দুখীয়া পৰিয়ালক  সাহায্য প্ৰদান কৰি ৰাইজৰ আশীৰ্বাদ বুটলিবলৈ সক্ষম হৈছে।দেওবাৰে সাংসদগৰাকীৰ হৈ ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক মধুৰাম ডেকা আৰু নলবাৰী জিলা বিজেপিৰ সম্পাদক দ্বীপেন কলিতাই সমষ্টিটোৰ অন্তৰ্গত ঘগ্ৰাপাৰ, দতৰা,বৰাজোল আৰু বালিতাৰা পঞ্চায়তৰ প্ৰায় দুই শতাধিক পৰিয়ালৰ মাজত চাউল,দাইল,মিঠাতেল,আলু,পিয়াঁজ,নিমখ, গাখীৰ,চেনী,চাবোন আদি বিতৰণ কৰে।

Pic

উক্ত পৰিয়ালসমূহৰ মাজত সাংসদগৰাকীয়ে খাদ্য সামগ্ৰী বিতৰণ কৰি সংবাদ মাধ্যমক কয় যে দুখীয়া ৰাইজক সাংসদগৰাকীৰ তৰফৰ পৰা খাদ্য সামগ্ৰী বিতৰণ কাৰ্য অব্যাহত আছে। চৰকাৰীভাৱেও বিভিন্ন আঁচনিৰ অধীনত দুখীয়া জনগণ,কৃষক,মহিলা,বিধৱা,বৃদ্ধ আদিক সাহায্য প্ৰদান কৰি আহিছে।সাংসদগৰাকীয়ে লগতে কয় যে লডডাউনৰ সময়ত সুলভ মুল‍্যৰ বিনামূলীয়া চাউল বিতৰণ আৰু ৰেচন কাৰ্ডবিহীন পৰিয়ালক ১০০০ টকা সাহায্য প্ৰদানত দুৰ্নীতিৰ আশ্ৰয় ল'লে জেলৰ ভাত খাব লাগিব।সাংসদগৰাকীৰ দেওবাৰৰ  ঘগ্ৰাপাৰত সাহায্য বিতৰণ কাৰ্যত ঘগ্ৰাপাৰ গাঁঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা,বড়িগোগ বনভাগ মন্ডল বিজেপিৰ কোষাধ‍্যক্ষ জয়ন্ত তালুকদাৰ,জ‍্যেষ্ঠ বিজেপি  নেতা  সুুুকুমাৰ মজুমদাৰ,কটকীয়া গাঁও সভাৰ সদস্য বাপুতি কলিতা।

Your Comments