মৃণাল ডেকা,শুৱালকুছি:
কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত শুৱালকুছি উন্নয়ন খণ্ডৰ পঞ্চায়তসমূহত দৰিদ্ৰ কৃষকসকলক সকাহ দিয়াৰ বাবে প্ৰৱৰ্তন কৰা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ সাহায্য বিতৰণত ব্যাপক খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ২ নং পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই।অভিযোগ অনুসৰি,কেন্দ্ৰীয় চৰকাৰে দুৰ্নীতি ৰোধৰ বাবে কৃষকৰ বেংক একাউণ্টলৈ পোনপটীয়াভাৱে টকা মোকলাই দিছে।এই আঁচনিৰ জৰিয়তে এগৰাকী কৃষকে কিস্তি হিচাপে বছৰত ছহেজাৰ টকা লাভ কৰে।ভাৰত চৰকাৰৰ কৃষি বিভাগৰ এই আঁচনি ৱেবছাইট লিংকযোগে প্ৰকাশ হোৱা হিতাধিকাৰীৰ নামৰ তালিকাত গাঁওভেদে সন্দেহজনক লোক,পঞ্চায়ত প্ৰতিনিধিৰ নিজৰ লগতে পৰিয়ালৰ কেইবাজনৰো নাম,চৰকাৰী চাকৰিয়াল,পেন্সনাৰৰ পুত্ৰ-বোৱাৰী,কৃষিকৰ্মৰ বাহিৰে অন্য কৰ্মত জড়িত লোকৰ নামহে অন্তৰ্ভুক্ত হৈছে।এই আঁচনিত প্ৰকৃত কৃষক বঞ্চিত হোৱাৰ বিপৰীতে একাংশ পঞ্চায়ত প্ৰতিনিধিৰ অঙহী-বঙহী,ৰাজনৈতিক কৰ্মী তথা পৰিয়ালৰ লোকহে লাভাম্বিত হৈছে।শুৱালকুছি উন্নয়ন খণ্ডৰ প্ৰতিখন পঞ্চায়তে এনে দুৰ্নীতি সংঘটিত হোৱা বুলি ২ নং পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই অভিযোগ কৰে।এই দুৰ্নীতিৰ তদন্ত কৰি প্ৰকৃত কৃষকৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই চৰকাৰক দাবী জনায়।
- Log in to post comments
- 64 views