হাজোত 'আছু'ৰ সাংবাদিকক সম্বৰ্দ্ধনা

Pic

হাজোৰ পৰা কমলাকান্ত দাস:
 

সমগ্ৰ দেশত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা 'লকডাউন'ৰ সময়ত নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰিও ৰাইজৰ সেৱাত ব্ৰতী হৈ থকা হাজোৰ সংবাদ-কৰ্মীসকলক শনিবাৰে হাজোৰ ডাক বঙলাত হাজো আঞ্চলিক ছাত্ৰ সন্থাই ফুলাম গামোচা,গামোচাৰ মাক্স আৰু এটা ছেনিটাইজাৰেৰে সম্বৰ্দ্ধনা জনায়।সামাজিক দূৰত্ব বজাই ৰাখি সদৌ অসম ছাত্ৰ সংন্থাৰ  সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ চন্দ্ৰ দাসে কয় যে 'লকডাউন'ৰ ফলত বিশেষকৈ মধ্যবিত্ত শ্ৰেণীৰ লোক নানা অসুবিধাৰ সন্মুখীন হৈছেে।তথাপি,মহামাৰী ক'ৰ'না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিব লাগিব বুুলি কয়।ইফালে,'আছুু' নেতাগৰাকীযে হাজোৰ পিতল শিল্পীৰ বনুৱাসকলৰ সৈতে মত বিনিময়ো কৰে।অনুষ্ঠানত হাজো সাংবাদিক সন্থাৰ সভাপতি গোৱিন্দ দাস,উপদেষ্টা সমীন কলিতা,দেৱান নজৰুল ইছলাম,ছাহজাহান ইছলাম,দীপক দাস,শৈলেন বৈশ্য,মেছেৰ আলি,ধীৰাজ  দাস,জীতেন শইকীয়া,মৃৃৃৃদুল প্ৰীতম ডেকা,প্ৰভাত কলিতাকে ধৰি প্ৰিন্ট আৰু ইলেকট্ৰনিক মিডিয়াৰ সাংবাদিকসকলক  সম্বৰ্দ্ধনা জনায়।

Pic

অনুষ্ঠানত হাজো সাংবাদিক সংস্থাৰ সভাপতি গোৱিন্দ দাসে কয় যে 'আছু'য়ে সাংবাদিকসকলৰ কৃতজ্ঞতা স্বীকাৰ কৰি দায়িত্ব অধিক বঢ়াই তুলিলে।অনুষ্ঠানত  কামৰূপ জিলা আছুৰ সভাপতি দিবাকৰ  কলিতা,হাজো আছুৰ সভাপতি নৱজ্যোতি  দাস,তপন দাসকে ধৰি কেইবাগৰাকীও আছু নেতা উপস্থিত থাকে।অনুষ্ঠানটোৰ আঁঁত ধৰে আছু নেতা ইমদাদুৰ ৰহমানে।

Your Comments