হাজোত পি এম কিষাণ সন্মান নিধি আঁঁচনি ৰূপায়ণত অনিয়মৰ অভিযোগ 'আছু'ৰ

Pic

হাজোৰ পৰা কমলাকান্ত দাস:

মহামাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি অব্যাহত থকা  'লকডাউন'ৰ সময়ত হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম বংশৰ মৌজাৰ দিন হাজিৰা কৰা লোক, কৃষক,ক্ষুদ্র ব্যৱসায়ী আদি ভীষণ সমস্যাৰ সন্মুখীন হৈছে।এই দুৰ্যোগৰ সময়ত কেন্দ্রীয় চৰকাৰে মুলত: দৰিদ্ৰ কৃষকক সকাহ দিয়াৰ বাবে ৰূপায়ণ কৰা পি এম কিষাণ সন্মান নিধি আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ কৰি পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই উচিত তদন্তৰ দাবী জনাই হাজোৰ চক্ৰ বিষয়াৰ হাতত এক স্মাৰকপত্ৰ প্ৰদান কৰে।স্মাৰকপত্ৰত উল্লেখ কৰা মতে,কেন্দ্ৰীয় চৰকাৰে দুৰ্নীতি ৰোধৰ বাবে কৃষকৰ বেঙ্ক একাউন্টলৈ পোনপটীয়া টকা মোকলাই দিছে।এই আঁচনিৰ জৰিয়তে এগৰাকী কৃষকে কিস্তি হিচাপে বছৰত ছয় হাজাৰ টকা লাভ কৰে।ভাৰত চৰকাৰৰ কৃষি বিভাগৰ এই আঁচনিৰ ৱেবছাইট লিঙ্ক যোগে প্ৰকাশ হোৱা হিতাধীকাৰীৰ নামৰ তালিকাত গাওঁভেদে সন্দেহজনক লোক,পঞ্চায়ত প্ৰতিনিধিৰ নিজৰ লগতে পৰিয়ালৰ কেইবাজনৰো নাম,চৰকাৰী চাকৰিয়াল, পেঞ্চনাৰৰ পুত্র-বোৱাৰী, কৃষিকৰ্মৰ বাহিৰে অন্য কৰ্মত জড়িত লোকৰ নামহে এই তালিকাত অন্তৰ্ভুক্ত কৰে।এই ক্ষেত্ৰত ব্যাপক অনিয়ম হোৱাটো জলজল পটপটকৈ ওলাই পৰে।কিন্তু এই আঁচনিত প্ৰকৃত কৃষক বঞ্চিত হোৱাৰ বিপৰীতে বিপৰীতে একাংশ পঞ্চায়ত প্ৰতিনিধিৰ অঙহী বঙহী, ৰাজনৈতিক কৰ্মী তথা পৰিয়ালৰ লোকহে লাভান্বিত হৈছে। হাজোৰ প্ৰায়বোৰ গাঁঁও পঞ্চায়ততে এনে দূৰ্নীতি সংঘটিত কৰা বুলি স্মাৰকপত্ৰত উল্লেখ কৰে।পি এম কিষাণ সন্মান নিধি আঁচনিৰ হিতাধীকাৰীৰ নামত হৈ থকা অনিয়ম-দুৰ্নীতিৰ উচিত তদন্ত কৰি ভুৱা কৃষকৰ নাম কৰ্তন আৰু প্ৰকৃত কৃষকৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাই বৃৃহস্পতিবাৰে পশ্চিম বংশৰ আঞ্চলিক ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি অনুপ দাস,সাধাৰণ সম্পাদক মানৱ ঠাকুৰীয়া স্বাক্ষৰিত এখন স্মাৰকপত্ৰ হাজো ৰাজহ চক্র বিষয়া ধ্ৰুৱজ্যোতি দাসৰ জৰিয়তে অসমৰ মুখ্যমন্ত্রীলৈ আৰু ইয়াৰ প্ৰতিলিপি অসম চৰকাৰৰ কৃষিমন্ত্ৰী,মুখ্য সচিব, কামৰূপ জিলা উপায়ুক্তলৈও প্ৰেৰণ কৰে।'আছু'ৰ এই সঁজাতি দলটোত আঞ্চলিক ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি,সম্পাদকৰ লগতে সদৌ কামৰূপ জিলা ছাত্র সন্থাৰ শিক্ষা সম্পাদক সুৰজিত কলিতা, আছুকৰ্মী ৰুবুল কলিতা,চন্দন মহন্ত আছিল।

Your Comments