কলিয়াবৰত মে' দিৱস পালন

Pic

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:

১ মে'ত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা আৰু সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ আহ্বানত জখলাব্ন্ধা হস্পিতাল চাৰিআলি বাণীপুৰত থকা চিপিআই(এম-এল) দলৰ কাৰ্যালয়ৰ সন্মুখত ক্ষুধাৰ বিৰুদ্ধে আৰু কাম,খাদ্য আৰু সংস্থাপনৰ দাবীত আন্তৰ্জাতিক মে' দিৱস পালন কৰা হয়।প্ৰথমে শ্বহীদসকলৰ প্ৰতি ধূপ প্ৰজ্জ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সদৌ অসম গ্ৰামীণ সন্থাৰ কলিয়াবৰ ব্লক সমিতিৰ সভাপতি বিকাশ হাজৰিকাই।লগতে উপস্থিত থকা সকলোৱে শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।ইয়াৰ পিছত পতাকা উত্তোলন কৰে সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ কলিয়াবৰ মহকুমা সমিতিৰ সভাপতি দিতুমণি গগৈয়ে।পতাকা উত্তোলনৰ কাৰ্যসূচীৰ পিছত দলৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত থকা সকলোৱে দাবী সম্বলিত প্লে'কাৰ্ড লৈ শ্ৰমিকৰ বিভিন্ন দাবীৰ ভিত্তিত এঘণ্টীয়া ধৰ্মঘট        কাৰ্যসূচী সামাজিক দূৰত্ব ৰক্ষা কৰি পালন কৰে।অৱস্থান ধৰ্মঘটস্থলীত আন্তৰ্জাতিক মে' দিৱস সফল কৰক,ক'ৰ'না মহামাৰীৰ সময়ত সকলো গ্ৰামীণ শ্ৰমিক,নিৰ্মাণ শ্ৰমিক,কৃষকসকলক সাহায্য হিচাপে এককালীন ১০ হাজাৰ টকাকৈ প্ৰদান কৰক,ৰেচন কাৰ্ড নথকা পৰিয়ালসমূহক অতিশীঘ্ৰে ৰেচন কাৰ্ড প্ৰদান কৰক,কৃষি কৰ্মত জবকাৰ্ডপ্ৰাপ্ত শ্ৰমিকসকলক অৰ্ন্তভুক্ত কৰা হওক,জবকাৰ্ডপ্ৰাপ্ত শ্ৰমিকসকলক ১০০ দিনৰ কামৰ নিশ্চয়তা প্ৰদান কৰক,জবকাৰ্ড শ্ৰমিকসকলৰ  মজুৰি ৫০০টকালৈ বৃদ্ধি কৰক আৰু ২০০ দিনৰ কাম দিয়ক,বহি:ৰাজ্যত থকা শ্ৰমিকসকলক নিজ ঠাইলৈ ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰক,মাইক্ৰ'ফাইনেঞ্চৰ ঋণসমূহ মাফ কৰক আদি শ্ল'গান দি প্ৰতিবাদ সাৱস্ত্য কৰা হয়।ইয়াৰ পিছত অৱস্থান কাৰ্যসূচীস্থলীত মে' দিৱস সন্দৰ্ভত শ্ৰমিক সন্থাৰ কলিয়াবৰ ব্লক সমিতিৰ সভাপতি বিকাশ হাজৰিকা, চিপিআই(এম-এল)লিবাৰেচন দলৰ কলিয়াবৰ সমিতিৰ সদস্য বসন্ত গোস্বামী আৰু নিৰ্মাণ শ্ৰমিক সন্থাৰ সভাপতি দিতুমণি গগৈয়ে বক্তব্য প্ৰদান কৰে।সভাখনৰ প্ৰথমৰ পৰা শেষলৈকে আঁঁত ধৰে নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ সম্পাদক ক্ষেমকান্ত নাথে।

প্ৰদীপ লস্কৰ
কলিয়াবৰ

Your Comments