বৈল্লাপে’ৰা গোষ্ঠীৰ উদ্যোগত শ্ৰমিক সম্বৰ্ধনা

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

সাহিত্য-সাংস্কৃতিক অনুষ্ঠান "বৈল্লাপে’ৰা গোষ্ঠী"ৰ উদ্যোগত আৰু অন্বেষণ এন জি অ'ৰ সহযোগত ১ মে'ৰ শ্ৰমিক দিৱস উপলক্ষে কেইজনমান শ্ৰমিকক নিজ গৃহত গৈ গামোচাৰে সম্বৰ্ধনা জনায়৷উল্লেখযোগ্য যে বৰ্তমান দেশত ক’ৰ'না মহামাৰী প্ৰতিৰোধৰ বাবে অব্যাহত থকা লকডাউনৰ হেতু ৰাজহুৱাকৈ শ্ৰমিক দিৱস উদযাপন কৰিব নোৱাৰি কেইজনমান বিশেষ শ্ৰমিকক তেওঁলোকৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনায়৷এইসকলৰ ভিতৰত আছে এখন ভৰিৰ বাধাগ্ৰস্ততাকো নেওচি ঠেলা চলাই জীৱিকা অৰ্জন কৰা নলবাৰী জিলাৰ লৰমা বটাকুছিৰ ইলিচ আলী,এসময়ত কাঠৰ দলং নিৰ্মাণত সহযোগী মিস্ত্ৰী হিচাপে কাম কৰি বৰ্তমান বাৰ্ধক্য জীৱন অতিবাহিত কৰা বাহাৰঘাট(পূৰ্নদৈচপৰা)ৰ বিকুল নম:শুদ্ৰ,কৰ্মৰ মাজতে এখন হাত চিৰদিনৰ বাবে হেৰুৱা কামৰূপ জিলাৰ বাৰাংহাটীৰ শ্ৰমিক অৰৱিন্দ কলিতা,এসময়ত অটোৰিক্সা চলাই জীৱন নিৰ্বাহ কৰি চকুজুৰিৰ অক্ষমতাৰ বাবে সাধাৰণ পাণদোকান দি পৰিয়াল পোহপাল দিয়া দৈচপৰাৰ অতুল লহকৰ,বাঁঁহ-বেতৰ আচবাব তৈয়াৰ  কৰা গড়পোট গাৱঁৰ    বৃদ্ধ ব্যক্তি মন্দত ডেকা,বাঁঁহ-বেতৰ সামগ্ৰী তৈয়াৰেৰে নিজক প্ৰতিষ্ঠা কৰি বাৰ্ধক্য হোৱা সৌৰামুৰী গাৱঁৰ তাৰিণী কলিতা আৰু ৰাজমিস্ত্ৰি কৰি বাৰ্ধক্য হোৱা বাৰাংহাটীৰ গোলোক দাস৷বৈল্লাপে’ৰা গোষ্ঠীৰ অধ্যক্ষ তথা সাংবাদিক নৰেন শৰ্মাৰ নেতৃত্বত যোৱা  এটি দলে সম্পূৰ্ণ চৰকাৰী নীতি-নিয়ম মানি আজিৰ কাৰ্য্যসূচীটো ৰূপায়ণ কৰে৷কাৰ্য্যসূচীত সহযোগিতা কৰে গোষ্ঠীৰ সচিব কৃষ্ণ কলিতা আৰু অন্বেষণ এন জি অ'ৰ কৰ্মকৰ্তা ব্ৰজেন বৰুৱাই৷

Your Comments