গোলাঘাটৰ পৰা মীনাক্ষি ফুকন:
সম্প্ৰতি দেশত লকডাউন চলি আছে।জনতা গৃহ আৱদ্ধ হৈ আছে।তেনে সময়তো পৌৰসভা এলেকাত হৰিজন ভাই-ভনীসকলে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দায়িত্ব পালন কৰি ৰাইজৰ সেৱাত ব্ৰতী আছে।সেয়ে ১ মে'ৰ শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি হৰিজন ভাই-ভনীসকলক সদৌ তাই আহোম ছাত্ৰ সন্থা,চমুকৈ 'আটাছু'ৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত কৃতজ্ঞতা জ্ঞাপন কৰা হয়।
গোলাঘাট পৌৰসভাৰ প্ৰাক্তন পৌৰপতি জুৰি ৰাজখোৱা,আটাছুৰ গোলাঘাট জিলাৰ মুখ্য উপদেষ্টা জ্যোতি প্ৰসাদ গগৈ,আটাছুৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক সুনীল গগৈ,গোলাঘাট জিলাৰ কাৰ্যকৰী সভাপতি পংকজ গগৈ, যুটীয়া সম্পাদক গৌতম লাহন,মুখ্য প্ৰচাৰ সম্পাদক অংকুৰ ৰাজকোঁৱৰ,মুখ্য সাংগঠনিক সম্পাদক পাৰ্থ প্ৰতীম কোঁৱৰ,জিলা কাৰ্যনিবাহক মনোজ বুঢ়াগোঁহাই আদিৰ উপস্থিতিত গোলাঘাট পৌৰসভা কাৰ্যালয়ত বিহুৱান,মাস্ক,হাতমোজা আদি বিতৰণ কৰাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰা হয়।
- Log in to post comments
- 16 views