নগাঁৱৰ পৰা ৱাহিদুদ জামান:
সমগ্ৰ বিশ্বত ক’ৰ'নাৰ আতংক৷পৃথক নহয় ভাৰতবৰ্ষ৷দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত প্ৰথম পৰ্যায়ৰ লকডাউনৰ অন্তত দ্বিতীয় পৰ্যায়ৰ লকডাউন অব্যাহত৷ সংকটৰ এই সময়চোৱাত সমগ্ৰ দেশৰ লগতে অসমতো জনসাধাৰণৰ মাজত কিছু অসুবিধাৰ সন্মুখীন হোৱাৰ উপৰিও শ্ৰমজীৱী লোকসকলৰ মাজত হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷চৰকাৰে কিছু পৰিমাণে সকাহ দিবলৈ চেষ্টা কৰিছে যদিও ৰাজ্যখনৰ বহু পৰিয়ালে এতিয়াও খাদ্য তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱত দিন কটাবলগীয়া হৈছে৷ ৰাজ্যখনৰ অন্যান্য জিলাসমুহৰ লগতে নগাঁও জিলাখনতো দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ জনসাধাৰণৰ মাজতো খাদ্য সংকটে দেখা দিয়াৰ উপৰিও একাংশৰ পানীত হাহঁ নচৰা অৱস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ জিলাখনৰ অন্তৰ্গত নগাঁও সদৰ সমষ্টিৰ নগাঁও চহৰ খনৰ লগতে গ্ৰামাঞ্চল সমূহতো অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে কেঁঁচা শাক-পাচলিৰো অভাৱ ঘটে৷সাধাৰণ ৰাইজৰ দুৰ্দশাৰ সময়ত আৰ্তজনক সহায় কৰিবলৈ আগবাঢ়ি আহিল নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাৰ লগতে সমষ্টিটোৰ কংগ্ৰেছ কৰ্মী সকল৷লকডাউনৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে প্ৰায় দুই সহস্ৰাধিক আৰ্থিকভাৱে জুৰুলা আৰু পৰিস্থিতিয়ে কোঙা কৰা পৰিয়ালক চাউল,দাইল,তেল-চাবোন ইত্যাদি অত্যাৱশ্যকীয় সমগ্ৰী প্ৰদান কৰে৷ ইয়াৰ উপৰিও খাদ্য সংকটত ভুগা বহিঃৰাজ্যৰ পৰা আহি নগাঁৱৰ ধিং গেটত আৱদ্ধহৈ থকা বহুকেইটি পৰিয়ালক খাদ্যৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰে৷আনহাতে,যোৱা ১৬ এপ্ৰিলৰ বিধংসী ধুমুহাজাকত ক্ষতিগ্ৰস্ত হোৱা একাংশ পৰিয়ালক ব্যক্তিগতভাৱে আৰ্থিক সাহায্য প্ৰদান কৰে৷লকডাউনৰ সময়চোৱাত বিশেষকৈ ডায়বেটিছ ৰোগীসকলৰ সুবিধা হোৱাকৈ সমষ্টিটোৰ বহুকেইটা অঞ্চলত বিনামূলীয়াকৈ চুগাৰ টেষ্ট কৰোৱাই এক অন্য সকাহ দিয়াও পৰিলক্ষিত হৈছে৷যাৰ ফলত ৰোগীসকলে ঘৰতে নিজকে নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হৈছে৷
- Log in to post comments
- 26 views