অসম বধিৰ সংস্থাৰ উদ্যোগত হাজোত দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

Pic

হাজোৰ পৰা কমলাকান্ত দাস:

ক'ৰ'না ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি দেশজুৰি ঘোষণা কৰা 'লকডাউন'ৰ বাবে দৰিদ্ৰ পৰিয়ালসমূহৰ মাজত খাদ্য সংকটে দেখা দিছে।ৰাজ্যৰ অইন ঠাইৰ দৰে হাজো অঞ্চলত লকডাউনৰ ফলত দৰিদ্ৰ  পৰিয়ালসমূহক সহায়ৰ হাত আগবঢ়ায় অসম বধিৰ সস্থাই।অসম বধিৰ সংস্থাৰ উদ্যোগত সংস্থাৰ ভগ্নী সংগঠন অসম বধিৰ যুৱ সংস্থা  আৰু অসম বধিৰ মহিলা ফাউন্ডেছনৰ সহযোগত হাজো অঞ্চলৰ দিব্যাংগ পৰিয়ালসমূহৰ মাজত চাউল,দাইল,চেনী,মিঠাতেল,নিমখ,আলু আদি নিত্যপ্ৰয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰে।পাকৰকোনা,চেচামুখ,কুলহাটী,পাঁঁচগাঁঁও,গেৰুৱা আদিকে ধৰি হাজো অঞ্চলৰ ভালেমান গাঁৱৰ পৰিয়ালৰ মাজত সামগ্ৰী বিতৰণ কৰে।ইফালে,খাদ্য সামগ্ৰী বিতৰণ কৰি অসম বধিৰ সস্থাৰ সাধাৰণ সম্পাদক তপন কুমাৰ শৰ্মাই পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰি সকলোকে অসম চৰকাৰে আহ্বান জনোৱা লকডাউনৰ নীতি-নিয়ম মানি ক'ৰ'নাক প্ৰতিহত কৰিবলৈ অনুৰোধ জনায়।তদুপৰি,যুৱক-যুবতী,মহিলাসকলক ঘৰুৱা কৰ্মৰে নিজকে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়।সামগ্ৰী বিতৰণত সহযোগিতা আগবঢ়াই অসম বধিৰ সংস্থাৰ সহ:সম্পাদক অভিজিত দাস,সদস্য সঞ্জয় শ্বাহ,যুৱ পৰিষদৰ যুটীয়া সম্পাদক অংকুৰ শৰ্মা,মহিলা ফাউন্ডেচনৰ পম্পী ৰয় আৰু যমুনা গুণীয়ে।

Your Comments