সানেকুছিত বিহাৰী যুৱক আবদ্ধ:কোৱাৰেন্টাইনলৈ প্ৰেৰণ

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত সানেকুছিত সোমবাৰে দিনৰ ভাগত এজন বস্তা ব্যৱসায়ত জড়িত বিহাৰী যুৱকক আবদ্ধ কৰি অৱশেষত নলবাৰী শ্বহীদ মকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ কোৱাৰেন্টাইনলৈ প্ৰেৰন কৰে৷উল্লেখযোগ্য যে দেওবাৰে দিনৰ ভাগত নলবাৰী চহৰৰ ভকতপাৰাত ঘৰভাড়া কৰি থকা মহেশ শ্বাহ(৩৫)নামৰ যুৱকজনে নিজৰ এ এছ ০১ বি ওৱাই ২২০৭ নং হোণ্ডা এক্টিভা স্কুটিখনৰে সানেকুছি চ'কৰ ব্যৱসায়ীৰ পৰা বস্তা ক্ৰয় কৰিবলৈ আহিছিল৷যুৱকজনক দেখি সন্দেহ ওপজাত অসামৰিক পোচাকত থকা আৰক্ষী বিষয়া সুৰেশ শৰ্মাই যুৱকজনক সোধপোছ কৰে৷শৰ্মাৰ প্ৰশ্নৰ উত্তৰত যুৱকজনে বস্তা ব্যৱসায় কৰাৰ কথা স্বীকাৰ কৰে আৰু জিলা উপায়ুক্তৰ অনুমতি-পত্ৰ লৈ অহা বুলি জানিবলৈ দিয়ে৷শৰ্মাই উপায়ুক্তৰ অনুমতি-পত্ৰ চাবলৈ বিচৰাত লগত নাই বুলি কয়৷লগে লগে শৰ্মাই নিজৰ পৰিচয় দিয়াত যুৱকজন শিলপৰা কপৌটোৰ দৰে হৈ পৰে আৰু উপায়ুক্তৰ অনুমতি-পত্ৰৰ কথা মিছাকৈ কোৱা বুলি স্বীকাৰ কৰি তাক এৰি দিবলৈ কাকুতি-মিনতি কৰে৷আনহাতে,ঘটনাস্থলীত ঘগ্ৰাপাৰ আৰক্ষীও উপস্থিত হয়৷অৱশেষত আৰক্ষী,সাংবাদিক,সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসকসহ স্বাস্থ্য কৰ্মীসকল,ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মীৰ দলৰ সহযোগত ১০৮ এম্বুলেন্সেৰে নলবাৰী শ্বহীদ মকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰে৷

Your Comments