হাজোত সুৰাসক্ত কনিষ্ঠ চিকিৎসকে সংঘটিত কৰিলে দুৰ্ঘটনা:মহতিয়ালে দুজন বাইক আৰোহীক

হাজোৰ পৰা কমলাকান্ত দাস:

'লকডাউন'ৰ মাজতে হাজোৰ শনিয়াদীত দেওবাৰে নিশা গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ সুৰাসক্ত কনিষ্ঠ চিকিৎসকৰ বাহনে মহতিয়ালে দুজনকৈ বাইক আৰোহীক। গুৱাহাটীৰ পৰা বৰপেটা অভিমুখী মাৰুতি ইগ্নিছ বাহনে মহতিয়াই থৈ গ`ল বাইক আৰোহী দুজনক।AS-01-DM-4725 নম্বৰৰ গাড়ীখন জিএইমচিএইছৰ কনিষ্ঠ চিকিৎসক ভাস্কৰ নাৰায়ণ পাঠকে অত্যধিক সুৰাপান কৰি তীব্ৰ বেগত চলোৱাৰ ফলতেই  নিয়ন্ত্ৰণ হেৰুৱাই মহতিয়ালে বাইক আৰোহী দুজনক। বাইক আৰোহী দুজন ক্ৰমে আজিজুৰ ৰহমান  আৰু আশ্রফ আলীক ততাতৈয়াকৈ হাজো গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।কিন্তু,আহত দুয়োজনৰে অৱস্থা সংকটজনক হোৱাৰ পৰিপ্ৰেক্ষিতত উন্নত চিকিৎসা প্ৰদানৰ বাবে চিকিৎসকে 'জিএমচিইছ'লৈ প্ৰেৰণ কৰে।ইফালে,দুৰ্ঘটনা সংঘটিত কৰিয়েই উক্ত স্থানৰ পৰা পলায়ন কৰা DOCTOR ON DUTYৰ ষ্টিকাৰ সম্বলিত বাহনখনক খেদি খেদি মুকালমুৱাৰ আদাবাৰীত ধৰিবলৈ সক্ষম হয় হাজো আৰক্ষীয়ে আৰু লগে লগে আটক কৰে সুৰাসক্ত চিকিৎসক পাঠকক।এগৰাকী কনিষ্ঠ চিকিৎসকে সুৰাসক্ত হৈ সংঘটিত কৰা এনে ঘটনাক ধিক্কাৰ দিছে সচেতন মহলে।

Your Comments