শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:
বৰ্তমান সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ লোৱা "ক'ভিড-১৯"ৰ আপাতকালৰ সময়ত শিৱসাগৰ জিলাত এক অভাৱনীয় সমস্যাই দেখা দিছে।সমগ্ৰ দেশৰ লগতে শিৱসাগৰ জিলাত বিগত প্ৰায় ২৫ দিন ধৰি অব্যাহত থকা 'লকডাউন'ৰ বাবে শিৱসাগৰ জিলাৰ অসামৰিক চিকিৎসালয়ত থকা ব্লাড বেংকত তেজৰ অত্যন্ত নাটনি হৈছে৷ এই সময়ছোৱাত জটিল ৰোগীৰ লগতে যদি কোনো লোক ক'ৰ’না ভাইৰাছত আক্ৰান্ত হয়, তেন্তে ৰক্তৰ অভাৱত এনে লোক মৃত্যুমুখত পৰিব পাৰে৷তাৰ বাবে উক্ত বিষয়ৰ গুৰুত্ব উপলব্ধি কৰি 'ৰেচকিউ'ৰ তৰফৰ পৰা দেওবাৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত এটা ৰক্তদান শিৱিৰৰ আয়োজন কৰা হয়। সামাজিক দূৰত্ব ৰক্ষা কৰি অনুষ্ঠিত কৰা এই শিবিৰত ৩০ গৰাকী যুৱক-যুৱতীয়ে ৰক্তদান কৰে।ইফালে ৰক্তদান শিবিৰত নিজৰ কৰ্ম ব্যস্ততাৰ মাজতো এগৰাকী আৰক্ষী বিষয়াই এক ইউনিট ৰক্ত আগবঢ়ায়।উক্ত ৰক্তদান শিবিৰত 'ৰেচকিউ'ৰ নীলম মজুমদাৰ আৰু সদস্যসকলৰ লগতে অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ কৰ্মচাৰীসকল উপস্থিত থাকে।
- Log in to post comments
- 29 views