গোলাঘাটৰ পৰা মীনাক্ষি ফুকন:
'লকডাউন'ৰ নীতি-নিৰ্দেশনা এশ শতাংশ সফল কৰিবলৈ গোলাঘাটৰ জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোডীৰ নিৰ্দেশত সোমবাৰৰ পুৱাৰ পৰা গোলাঘাটত বলৱৎ কৰা হ'ব কঠোৰ ব্যৱস্থা। ক'ৰ'না ভাইৰাছৰ প্ৰাৰ্দুভাৱ আৰু সংক্ৰমণ প্ৰতিৰোধ কৰি জনগণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ স্বাৰ্থত সমগ্ৰ জিলাখনতে প্ৰযোজ্য হ'ব এই নিৰ্দেশনা।"অসম ক'ভিড-১৯ সংক্ৰমণ প্ৰতিৰোধ নিয়মাৱলী-২০২০"ৰ নিয়ম ৩৪ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১৪৪ অনুসৰি আৰোপ কৰা এই বাধা নিষেধ তাৎক্ষণিকভাৱে বলৱৎ হৈছে।এই নিৰ্দেশনাত জিলাখনত পাণ মছলা,জৰ্দা,গুটখা বিক্ৰী কৰা আৰু য'তে-ত'তে পিক পেলোৱা কঠোৰভাৱে নিষিদ্ধ কৰাৰ লগতে জনসমাৱেশৰ মাজত বা কোনো ৰাজহুৱা এলেকাত,বাট-পথত থু-খেকাৰ,পিক পোলোৱা নিষিদ্ধ কৰা হৈছে।ঘৰৰ পৰা ওলাই যোৱা সকলো ব্যক্তিয়ে মাক্স পিন্ধাটো বাধ্যতামূলক কৰিছে।তদুপৰি,দুচকীয়া বাহনত দুজন উঠাতো নিষেধাজ্ঞা আৰোপ কৰিছে। এই নিষেধসমূহৰ বিষয়ে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান,বিদ্যালয়-মহাবিদ্যালয়,চৰকাৰী - বেচৰকাৰী প্ৰতিষ্ঠান,চৰকাৰী-বেচৰকাৰী চিকিৎসালয়,পৌৰসভা,নগৰ সমিতিয়ে সজাগতা সৃষ্টিৰ বাবে বেনাৰ-প'ষ্টাৰ আৰি থ'ব লাগিব।লগতে সকলো চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানসমূহ,চিকিৎসালয়,বেংক,নাৰ্চিংহ'ম, দোকান আদিত হাত ধুবৰ বাবে চাবোন-পানী,ছেনিটাইজাৰৰ ব্যৱস্থা ৰাখিব লাগিব।দুজন ব্যক্তিৰ মাজত এক মিটাৰ ব্যৱধান ৰাখিব লাগিব।এইসমূহ নিৰ্দেশনা দেওবাৰে পুৱাৰ পৰা বলৱৎ কৰা হ'ব।অন্যথা নিৰ্দেশনা অমান্য কৰাসকলৰ ওপৰত প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।
- Log in to post comments
- 5 views