হাজোৰ পৰা কমলাকান্ত দাস
দুজনীকৈ কিশোৰী ছাত্ৰীক ধৰ্ষণ কৰি তোলা এমএমএছ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা জঘন্য ঘটনা 'লকডাউন'ৰ মাজতে পোহৰলৈ অহাত বৃহত্তৰ হাজো অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।সুধী সমাজক লজ্জাৱনত কৰা এই ঘটনা সংঘটিত হৈছে হাজোৰ চৰাঞ্চল গাঁও বুঢ়া পামত।এনে জঘন্য ঘটনা সংঘটিত কৰি সম্প্ৰতি আৰক্ষীৰ ভয়তে পলাতক অৱস্থাত থকা লম্পটটো হৈছে হাজোৰ চৰাঞ্চল গাঁও বুঢ়া পামৰ আজিবৰ আলীৰ পুত্ৰ চুকুৰ আলী(২৫ )।সপ্তম শ্ৰেণীত অধ্যয়নৰত ভুক্তভোগী কিশোৰী ছাত্ৰীগৰাকীৰ অভিযোগ অনুসৰি,পৰিয়ালৰ কোনো লোক ঘৰত নথকাৰ সুযোগ বুজি লম্পট চুকুৰ আলীয়ে তেওঁৰ বন্ধু ছানিদুল আলী(২৩)ৰ সহযোগত কিশোৰীগৰাকীক নিজ বাসগৃহৰ পৰা ওচৰৰে মাকৈ খেতি এডৰাৰ মাজলৈ টানি নি তাতেই তাইক বলপূৰ্বক ধৰ্ষণ কৰে আৰু নিজৰ মোবাইলত অশ্লীল ভিডিঅ' কৰে।এই ঘটনা প্ৰকাশ কৰিলে অশ্লীল ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰে। লাজে অপমানে কিশোৰীগৰাকীয়ে কাকো একো ক'ব পৰা নাছিল যদিও লম্পট চুকুৰে সেই ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল কৰাত সমগ্ৰ ঘটনাটো অঞ্চলজুৰি সদৰি হৈ পৰে।এই ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে সুধিবলৈ যোৱাত দুষ্ট প্ৰকৃতিৰ চুকুৰ আলীৰ পৰিয়ালে কিশোৰীগৰাকীৰ ভাতৃ ৰকিবুল হুছেইনক শনিবাৰে বিয়লি চোকা অস্ত্রৰে হানি- খুচি গুৰুতৰভাৱে জখম কৰাৰো অভিযোগত প্ৰকাশ।তেজে তুমৰলি হৈ পৰা ৰকিবুলক ততাতৈয়াকৈ শিয়ালমাৰী উপ স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে পৰিয়ালৰ সদস্যই।লক্ষণীয়ভাৱে একেজন চুকুৰ আলীয়ে সেই একেখন গাঁৱৰে অন্য এজনী কিশোৰী ছাত্ৰীক কিছু দিন পূৰ্বে বলপূৰ্বক ধৰ্ষণ কৰা আন এটি অশ্লীল ভিডিঅ' সমান্তৰালভাৱে ভাইৰেল হৈ পৰিছে।ইফালে,পুৰণি শত্ৰুতাৰ গইনা লৈ মাতব্বৰ আকবৰ আলী ঘাটোৱালৰ ষড়যন্ত্ৰত দুটাকৈ পৰিয়ালৰ দুজনী কিশোৰীৰ ক্ষেত্ৰত এনে জঘন্য ঘটনা সংঘটিত কৰাৰ অন্য এক তথ্য পোহৰলৈ অহাত সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হৈছে।দুয়োটা ভুক্তভোগী পৰিয়ালে উক্ত ঘটনা সন্দৰ্ভত ধৰ্ষণকাৰী চুকুৰ আলী আৰু তেওঁৰ পৰিয়ালৰ কেইবাজনো সদস্যৰ বিৰুদ্ধে শুৱালকুচি নদী আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত (15/2020 IPC-147/148/325/326/376/516 p o s c o act)ৰ অধীনত এটি গোচৰ ৰুজু কৰি উক্ত ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও ধৰ্ষণকাৰী লম্পট চুকুৰ আলী সম্প্ৰতি পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।এনে জঘন্য ঘটনাৰ সৈতে জড়িত দোষীক কৰায়ত্ব কৰি উচিত শাস্তি বিহাৰ দাবী জনাইছে স্থানীয় দল-সংগঠন আৰু ৰাইজে।
- Log in to post comments
- 32 views