বজাৰৰ অভাৱ:কলিয়াবৰত কৃষকে কুইন্টলে কুইন্টলে নৈত পেলাইছে শাক-পাচলি

Pic

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:

কলিয়াবৰত ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিৰ কৃষিভূমিত কৃষকৰ হিয়াভঙা কান্দোনৰ ৰোল উঠিছে৷অন্ধকাৰ হৈ পৰিছে বহুজনৰ অনাগত দিনবোৰ।বজাৰৰ অভাৱত মনত ক্ষোভ লৈ কুইণ্টলে-কুইণ্টলে নৈৰ বুকুলৈ দলিয়াই দিছে শাক-পাচলি৷স্বামীনাথ ৰাজভৰ,ভোলা ৰাজভৰ,অজয়,হীৰা,কমল,ভৰতৰাজভৰ, লকুশ মাঝি,কমল বাহাদুৰ ছেত্ৰী,গনেশ বাহাদুৰ ছেত্ৰী আৰু বহুজনৰ হৃদয় আজি ভাৰাক্ৰান্ত,মন হতাশগ্ৰস্ত৷কাৰণ,তেওঁলোকৰ লহপহকৈ বাঢ়ি অহা খেতিডৰা আজি মাথোঁঁ হৈ পৰিছে হুমুনিয়াহৰ অন্য এক নাম৷কলিয়াবৰৰ গাখীৰেখাতি,জেঙনি,ঝাৰনি,চুলুং,বিহডুবি, বালিদোৱাৰ আদি অঞ্চলৰ লগতে মহকুমাটোৰ ব্ৰহ্মপুত্ৰ নদীৰ চৰ-চাপৰি আৰু তাপু অঞ্চলৰ হাজাৰ হাজাৰ বিঘাৰ বিলাহী, বেঙেনা,তৰমুজ,ভেন্দী,স্কোৱাছ খেতি আজি ধ্বংসৰ গৰাহত পৰিছে৷

Pic

আনকি,পোহনীয়া গৰু-ছাগলীয়েও খাবলৈ এৰিছে বিলাহী, বেঙেনাকে ধৰি কিছুদিন পূৰ্বে বজাৰত অতি চৰা দামৰ শাক-পাচলি হিছাপে চিহ্নিত কৃষিশস্য৷উল্লেখ্য যে লকডাউনৰ প্ৰভাৱত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে শাক পাচলিৰ খেতিয়কসকল।বজাৰৰ অভাৱত পথাৰতে গলি-পচি গৈছে বিঘাই বিঘাই শাক-পাচলি।ব্যৱসায় বন্ধ হৈ পৰাত নিজ হাতে কাটি পেলাই দিব লগা হৈছে দ'মে দ'মে উৎপাদিত ফচল।অন্যান্য স্থানৰ লগতে বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে কলিয়াবৰ মহকুমাৰ কৃষকসকলো।কলিয়াবৰ মহকুমাৰ লাওখোৱা উন্নয়ণ খণ্ডৰ অন্তৰ্গত বানপীড়িত এলেকা টুবুকী জাৰনি,উত্তৰ বেলগুৰি আদি অঞ্চলতো দেখিবলৈ পোৱা গৈছে কৃষকৰ হাহাকাৰ অৱস্থা।উৎপাদিত ফচল বিক্ৰী কৰিব নোৱাৰি দ'মে দ'মে পেলাই দিয়াৰ লগতে কাটি পেলাব লগা হৈছে বিঘাই বিঘাই খেতি।প্ৰতিদিনে কৃষকসকলে পথাৰতে পেলাই দিব লগা হৈছে কুইণ্টলে কুইণ্টলে বিলাহী,বেঙেনা,ভেন্দী, স্কোৱাচ আদি পাচলি।উল্লেখ্য যে প্ৰতিদিনে প্ৰায় ১০০ কুইণ্টল শাক-পাচলি উৎপাদন কৰা লাওখোৱাৰ উত্তৰ বেলগুৰিৰ অৰ্ধশতাধিক কৃষকে এতিয়া মূৰে-কপালে হাত দিব লগা হৈছে।অনিশ্চিত ভবিষ্যতৰ কথা চিন্তা কৰি ভাগি পৰিছে শাক পাচলিৰ কৃষকসকল। ক'ৰ'না ভাইৰাছে নাপালেও এতিয়া লকডাউনৰ বাবে ভোকতে মৰিব লাগিব বুলি মন্তব্য কৰিছে শাক-পাচলিৰ কৃষকসকলে। লকডাউনৰ ফলত বজাৰ বন্ধ হোৱাত এইসকল কৃষকে উচিত বজাৰ বিচাৰি হাহাকাৰ কৰিছে৷কাৰণ ধন ধাৰ লৈ খেতি কৰি এই খেতিৰ ধনেৰেই পৰিয়াল পোহপাল দিয়াৰ লগতে ধাৰ মৰাৰো সাহস গোটাইছিল এইসকল কৃষকে৷ শকিন্তু এতিয়া পথাৰৰ শাক-পাচলি পথাৰতে গেলি-পচি যোৱাত এক অন্ধকাৰ ভৱিষ্যতৰ দিশলৈ এইসকল কৃষক পৰিয়ালে গতি কৰাৰ কথা প্ৰকাশ কৰিছে৷

Your Comments