মৃণাল ডেকা,শুৱালকুছি:
'লকডাউন' অব্যাহত থকাৰ সময়ত দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্যৰ যাতে কোনো ধৰণৰ অভাৱ নহয়,তাৰ বাবে চৰকাৰে ৰাজ্যখনৰ খাদ্য সুৰক্ষা আচঁনিৰ ৰেচন কাৰ্ড থকা পৰিয়ালক বিনামূলীয়াকৈ চাউল যোগান ধৰাৰ লগতে খাদ্য সুৰক্ষা আচঁনিৰ কাৰ্ড নথকা দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তিসকলক এহেজাৰ টকাকৈ নগদ ধন দিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে।কিন্তু,খাদ্য সুৰক্ষা আচঁনিৰ অন্তৰ্ভুক্ত নোহোৱা দৰিদ্ৰ লোকসকলক ১০০০ টকাৰ আৰ্থিক অনুদান বিতৰণ প্ৰক্ৰিয়া বহু ঠাইত চূড়ান্ত ভেঁকোভাওনাত পৰিণত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে।শেহতীয়াকৈ কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ শুৱালকুছি উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চায়তসমূহত উক্ত আচঁনিৰ অধীনত নগদ ধন বিতৰণৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।অভিযোগ অনুসৰি,শুৱালকুছি উন্নয়ন খণ্ডৰ শিঙিমাৰী গাওঁ পঞ্চায়তৰ ৩ নং ৱাৰ্ড পঞ্চায়তত সভানেত্ৰী আৰু সচিবে খাদ্য সুৰক্ষা আঁচনিৰ কাৰ্ড নথকা দৰিদ্ৰ সীমাৰেখাৰ তলৰ হিতাধিকাৰীসকলৰ মাজত এহেজাৰ টকাকৈ বিতৰণ কৰিবলৈ গৈ এহেজাৰৰ ঠাইত পাঁচশ টকাকৈ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।লগতে,হিতাধিকাৰী বাছনিৰ নামতো ব্যাপক অনিয়মৰ আশ্ৰয় লৈ চৰকাৰী নীতি -নিয়মক ভৰিৰে মোহাৰি ধনী ব্যক্তিক উক্ত ধন দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। লকডাউনৰ সময়ত দৰিদ্ৰ পৰিয়ালৰ বাবে চৰকাৰে আগবঢ়োৱা সাহায্যৰ ধন পঞ্চায়তখনৰ প্ৰতিনিধিয়ে আত্মসাৎ কৰাৰ অভিযোগ তুলিছে শিঙিমাৰী গাওঁ পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ একাংশ সচেতন লোকে।শুৱালকুছি উন্নয়ন খণ্ডৰ ৮৭ নং বংশৰ গাওঁ পঞ্চায়ততো খাদ্য সুৰক্ষা আঁচনিৰ কাৰ্ড নথকা দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰকৃত হিতাধিকাৰীয়ে চৰকাৰে ঘোষণা কৰাৰ লেখীয়াকৈ চৰকাৰী সাহায্যৰ এহেজাৰ টকীয়া অনুদান লাভ কৰা নাই বুলি একাংশ নাগৰিকে অভিযোগ কৰে।শুৱালকুছি উন্নয়ন খণ্ডৰ প্ৰতিখন পঞ্চায়ততে এহেজাৰ টকীয়া সাহায্য প্ৰকৃত হিতাধিকাৰীৰ দিয়াৰ পৰিৱৰ্তে ধনী পৰিয়ালক দিয়াৰ ঘটনা ঘটিছে বুলি অভিযোগ কৰে স্থানীয় ৰাইজে।আনহাতে,এই সমগ্ৰ দুৰ্নীতি-অনিয়মৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজ তথা পূৱ বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই জিলা প্ৰশাসনক দাবী জনাইছে।
- Log in to post comments
- 16 views