নলবাৰী জিলাত মাস্ক পিন্ধাতো বাধ্যতামূলক

Pic

নলবাৰীৰ পৰা হেমন্ত কলিতা:

নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে শুকুৰবাৰে এটা নিৰ্দেশনামৰ্মে জিলাখনৰ সকলো ৰাজহুৱা স্থান আৰু কৰ্মক্ষেত্ৰত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছে।জিলাখনৰ সুৰা বিপনীমূহ ইতিমধ্যে বন্ধ কৰি দিয়াৰ লগতে ধঁপাত,গুটখা আদিৰ বিক্ৰী আৰু সেৱন নিষিদ্ধ কৰা হৈছে।একেটা নিৰ্দেশতে জিলাখনৰ উপায়ুক্ত দেৱ চৌধুৰীয়ে ৰাজহুৱা স্থানত থু,খেকাৰ আদি পেলোৱাটোও নিষিদ্ধ কৰিছে।এই নিৰ্দেশ কঠোৰভাৱে বলৱৎ কৰিবলৈ আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়া হৈছে।এই নিৰ্দেশ অমান্য কৰা লোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'বলৈও উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিছে।

Your Comments