বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ খাদ্য সামগ্ৰী বিতৰণ

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

'লকডাউন'ৰ সময়ছোৱাত বাহাৰঘাট      আঞ্চলিক ছাত্ৰ সন্থাই নিজাববীয়াকৈ ১০০ ঘৰ মানুহক নিজৰ সাধ্য অনুযায়ী সাহায্য প্ৰদান কৰিব বুলি সভাপতি জ্যোতিৰ্ময় গাৰ্গ আৰু সাধাৰণ সম্পাদক বিকি শৰ্মাই জানিবলৈ দিছে।যোৱা ১০ এপ্ৰিলৰ পৰা কিচমৎ,পূৰ্ণকামদেৱ,ধুৰকুছি,চতমাৰ অতি দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা প্ৰায় অৰ্ধশতাধিক ঘৰ মানুহক প্ৰথম অৱস্থাত সাধ্য অনুযায়ী সাহায্য প্ৰদান কৰে।দ্বিতীয় দিনা বটাকুছি,দেহাৰকুছিৰ ২০ ঘৰ মানুহক সাহায্য প্ৰদান কৰে।শুকুৰবাৰে জ্যেষ্ঠ সাংবাদিক নৰেন শৰ্মা, সভাপতি জ্যোতিৰ্ময় গাৰ্গ আৰু সাধাৰণ সম্পাদক বিকি শৰ্মা,সাংগঠনিক সম্পাদক ইমৰাণ হুছেইনৰ নেতৃত্বত এটা দলে লৰমাবটাকুছিৰ ২০ ঘৰ মানুহক সাহায্য প্ৰদান কৰে।যোৱা ১০ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা ছাত্ৰ সন্থাৰ সাহায্য অভিযান কাৰ্য্যসূচী অহা ৩ মে' তাৰিখলৈ চলি থাকিব বুলি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি,সম্পাদকদ্বয়ে জানিবলৈ দিয়ে।'আছু'ৰ নিচিনা এটা অৰাজনৈতিক জাতীয় সংগঠনে জাতিৰ দুৰ্দিনত দুৰ্যোগপূৰ্ণ অৱস্থাত নিজাববীয়াকৈ সাহায্য প্ৰদান কৰাটো প্ৰশংসাৰ যোগ্য বুলি সচেতন মহলে প্ৰকাশ কৰিছে।

Your Comments