গোলাঘাটৰ পৰা মীনাক্ষি ফুকন:
৫৬ খন কোৱাৰেন্টাইন বেড,৪০ টা আইছ'লেশ্যন আৰু ২৪ টাকৈ ইনটেনচিভ কেয়াৰ ইউনিট সমৃদ্ধ ক'ভিড -১৯ চিকিৎসালয় মুকলি কৰিবলৈ শুকুৰবাৰে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা।চিকিৎসালয়ত উপস্থিত হৈয়ে মন্ত্ৰীগৰাকীয়ে ক'ভিড -১৯ পজিটিভসকলৰ সৈতে মত বিনিময় কৰি পজিটিভ ৯ জনৰ ৪ জনক ৰিলিজ দিয়াৰ কথা ঘোষণা কৰে।সংবাদ মেলৰ যোগেদি মন্ত্ৰীজনে কয় যে হাইদৰ আলী(৬২বছৰ),ৰুমা বেগম(৩৮ বছৰ),ৱাহিদা বেগম(৩০বছৰ), য়াকুব আলী(৫১বছৰ)-এই চাৰিজনক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হ'ল যদিও প্ৰায় ১৪ দিনলৈকে লোককেইজনক চিকিৎসালয়ৰ বাহিৰত কোৱাৰেন্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে।অৰ্থাৎ ১৪ দিনৰ পিছতহে লোককেইজন ঘৰলৈ যাব পাৰিব।অৱশ্যে উভটি যোৱা লোককেইজনক লৈ গাওঁবাসীৰ ভয়ৰ কাৰণ নাই বুলি উল্লেখ কৰি সকলোৱে সামাজিক দূৰত্ব ৰক্ষা কৰি স্বাভাৱিক জীৱন যাপন কৰিব পাৰিব বুলিও উল্লেখ কৰে।ইয়াৰোপৰি,ৰিলিজ হোৱা লোককেইজনক লৈ গোলাঘাটবাসীৰ লগতে গাওঁবাসীকো কোনো বিতৰ্ক নকৰিবলৈ আহ্বান জনায়।যিহেতু বাৰম্বাৰ নিগেটিভ ফলাফল অহা লোককেইজনৰ যোৱা ১৪ তাৰিখে যোৰহাট,১৫ তাৰিখে ডিব্ৰুগড়ৰ লাহোৱালস্থিত আইচিএমআৰ তথা বৃহস্পতিবাৰেও পুনৰ পৰীক্ষাৰ অন্তত পুনৰ ডাক্তৰী পৰীক্ষাৰ পিছতহে ৰিলিজ দিয়াৰ সিদ্ধান্ত লোৱা হয় বুলি উল্লেখ কৰে।ইফালে,বাকী ৫ জন ক্ৰমে আলিনা বেগম, চালেহা বেগম, আনোৱাৰ হুছেইন,জেচমিনা বেগম,ৰহিমুদ্দিন আহমেদ এই ৫ জনৰ ২ জন আলিনা বেগম আৰু আনোৱাৰ হুছেইনক অহা ১৯ তাৰিখৰ ভিতৰত ৰিলিজ দিয়াৰ সম্ভাৱনা আছে যদিও বাকী তিনিওজনৰ চলিত পৰীক্ষাত পজিটিভ আহি আছে।সাম্প্ৰতিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি বিগত সময়ত নিৰ্মাণ কৰি থকা 'মাডাৰ এণ্ড ছাইল্ড চিকিৎসালয়'খন ততাতৈয়াকৈ নিৰ্মাণ সম্পূৰ্ণ কৰি আজি ক'ভিড -১৯ চিকিৎসালয়ৰূপে শুভাৰম্ভ কৰি অতি সোনকালে যাৱতীয় মেচিনসমূহ আহি পাবহি বুলি উল্লেখ কৰে।উল্লেখ্য যে আগন্তুক সময়ত এই মহামাৰী নিৰ্মূলৰ পিছত গোলাঘাটৰ অতিকৈ প্ৰয়োজনীয় তথা বহুদিনীয়া দাবী আইচিইউ উপলব্ধ ১০-১৫ খন বেড গোলাঘাটবাসীয়ে লাভ কৰিব।ইয়াৰোপৰি,মন্ত্ৰীজনে ঘোষণা কৰে যে ৰাজ্য চৰকাৰে চিকিৎসালয়খনৰ পুৰণা বিল্ডিংসমূহ ভাঙি ৩০০ বিচনাযুক্ত নতুন বিল্ডিং নিৰ্মাণ কৰি গোলাঘাটবাসীৰ এক অন্যতম অভাৱ পূৰ কৰা সিদ্ধান্ত লোৱা হৈছে।শেষত,মন্ত্ৰীজনে অসমত তবলীগ জামাতৰ এয়া শেষ পৰ্যায়ত উপনীত হোৱা ৰণ বুলি ভাবিব পাৰি বুলি মন্তব্য কৰে।আজি গোলাঘাটত মন্ত্ৰীজনৰ এই উপস্থিতিয়ে জিলাবাসীক যথেষ্ট আশ্বস্ত কৰিছে।
- Log in to post comments
- 17 views