মৃণাল ডেকা,শুৱালকুছি:
বৰ্তমান দ্বিতীয় পৰ্যায়ৰ 'লকডাউন'ৰ সময়তো দিন হাজিৰা কৰি জীৱিকা উপাৰ্জন কৰা ৰাইজৰ মাজত তীব্ৰ খাদ্যৰ সংকটে সৃষ্টি হৈছে।এফালে,ক'ৰ'না আতংক;আনফালে খাদ্য সংকটত শ্ৰমজীৱী লোকৰ পানীত হাঁহ নচৰা অৱস্থা।এনে সময়তে শুৱালকুছি আৰক্ষী থানাৰ অন্তৰ্গত বংশৰ পাথিয়া চুপা নিবাসী তথা নিজেই ৰাজমিস্ত্ৰী কৰি জীৱিকা নিৰ্বাহ কৰা অপূৰ্ব দাসে মহানুভৱতাৰ পৰিচয় দি ব’হাগ বিহুৰ পহিলা দিনটোতে এনে কিছু দুৰ্দশাগ্ৰস্ত পৰিয়ালক সহায়ৰ হাত আগবঢ়াইছে।অপূৰ্ব দাসে বংশৰ আমবাৰী,বংশৰ গোপালথান অঞ্চলৰ ৭৫ ঘৰ শ্ৰমজীৱী পৰিয়ালৰ মাজত দাইল,মিঠাতেল , চাউল,নিমখ,আলু আদি অত্যাৱশ্যকীয় খাাদ্য সামগ্ৰী বিতৰণ কৰে।এককভাৱে আগবঢ়োৱা এই সামান্য খাদ্য সামগ্ৰীয়ে পৰিয়ালকেইটাক কিঞ্চিত হ'লেও সকাহ দিব বুলি তেওঁ আশাবাদী।আনহাতে,চৰকাৰী কৰ্মচাৰীসকলৈ ৰাজ্য চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বংশৰ গোসাঁই চুপা অঞ্চলৰ কেইবাজনো চৰকাৰী-বেচৰকাৰী কাৰ্য্যালয়ত কৰ্মৰত যুৱক মুকুট ঠাকুৰীয়া,বিদ্যুৎ দাস,মন্টু গোস্বামী,নিত্যনন্দ ভৰালীৰ আদিৰ উদ্যোগত দিন হাজিৰা তথা দৈনিক শ্ৰমজীৱী লোকক দাইল,মিঠাতেল,চাউল,আলু,নিমখ আদি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে।
- Log in to post comments
- 143 views