মৰিগাঁৱৰ পৰা জিতুমণি নাথ:
মৰিগাঁৱৰ লাহৰীঘাট টেঙাগুৰিৰ চামচুল আলমৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ অৱস্থিতি নিশ্চিত হোৱাৰ পিছতেই সমগ্ৰ মৰিগাঁও জিলাত একপ্ৰকাৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বিশেষকৈ জিলাখনৰ লাহৰীঘাট মডেল চিকিৎসালয়ৰ কোৱাৰেন্টাইন কেন্দ্রত থকা চিকাৎসা-কৰ্মীসকলৰ লগতে জিলাখনৰ কেইবাজনো সাংবাদিক,জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া "হ'ম কোৱাৰেণ্টাইন"ত যোৱাৰ সম্ভাৱনাই দেখা দিছে।জানিব পৰা মতে ক'ৰ'নাৰ অৱস্থিতি ধৰা পৰা চামচুল আলমৰ পৰা লাহৰীঘাটৰ কেইবাজনো সাংবাদিকে বাইট লোৱাৰ লগতে মৰিগাঁও জিলা প্ৰশাসনৰ কেইবাজনো উচ্চ পদস্থ বিষয়াই সামাজিক দূৰত্ব বৰ্তাই ৰাখি সজাগতা সভাত মিলিত হোৱা বুলি প্ৰকাশিত বাতৰিয়ে এতিয়া সমগ্ৰ মৰিগাঁও জিলাতে এক প্ৰকাৰে হাহাকাৰ সৃষ্টি কৰিছে।এই সন্দৰ্ভত মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰা,আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা আৰু যুটীয়া সঞ্চালক ডাঃ ৰোহিণী বৰকটকীৰ নাম উল্লেখ হৈছে।শেহতীয়াকৈ জিলা উপায়ুক্ত ঋতুৰাজ বৰা আৰু আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই স্বইচ্ছাৰে সাধাৰণ নাগৰিকৰ দৰে হ'ম কোৰেণ্টাইনত থাকিব বুলি জনা গৈছে।
- Log in to post comments
- 17 views