কমলাকান্ত দাস,হাজো:
তীৰ্থনগৰী হাজোৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান সুৰেন দাস মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁঁচনি (এনএচএচ) আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ হিৰণ্য কুমাৰ শৰ্মাৰ উদ্যোগত বৃহস্পতিবাৰে হাজো-কৈৱৰ্ত্যটোলাত খাদ্য সামগ্ৰী বিতৰণ কৰে।'লকডাউন'ৰ সময়চোৱাত আৰ্থিকভাৱে দুৰ্বল অভাৱগ্ৰস্ত অঞ্চলটোৰ ত্ৰিশগৰাকীকৈ বিধৱা মহিলাৰ মাজত সম্পূৰ্ণ সামাজিক দূৰত্ব বজাই ৰাখি এই খাদ্য সামগ্ৰীসমূহ বিতৰণ কৰে।মহামাৰী ক'ৰ'না ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ গ্ৰহণ কৰিব লগীয়া সজাগতা আৰু লকডাউনৰ সময়ত মানি চলিব লগীয়া নীতি-নিৰ্দেশনা সম্পৰ্কেও বিধৱা মহিলাসকলক অৱগত কৰে।খাদ্য সামগ্ৰী বিতৰণ কাৰ্য্যত সহযোগ কৰে এনএচএচৰ প্ৰকল্প বিষয়া অধ্যাপক ৰাজীৱ দাসৰ লগতে স্বেচ্ছাসেৱক ক্ৰমে শশাংক শিখৰ চৌধুৰী,ৰেজাউল হুছেইন,ভিতালী দাস,জ্যোতিস্মিতা ৰাজবংশী,নয়নজ্যোতি কলিতা,ওচমান আলী আৰু শিখৰজ্যোতি দাসে।
- Log in to post comments
- 19 views