নৰেন শৰ্মা,বাহাৰঘাট:
সমগ্র দেশত বলৱৎ হৈ থকা 'লকডাউন'ৰ সময়ছোৱাত দৰিদ্ৰ লোকৰ অৱস্থা সম্প্ৰতি তথৈৱচ হৈ পৰিছে।নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ আৰু বৰভাগৰ বহু পৰিয়াল খাদ্য সংকটৰ সন্মুখীন হোৱাৰ সময়ত অঞ্চলটোৰ একাংশ হৃদয়ৱান লোকে সহায়ৰ হাত আগবঢ়াই মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে।বুধবাৰে ঘগ্ৰাপাৰৰ সমীপৰ (বৰভাগৰ)ননৈ গাঁৱৰ সমাজকৰ্মী তথা ভাৰতীয় কিষাণ মৰ্চাৰ কাৰ্যনিৰ্বাহক দ্বীবন ডেকা আৰু ঘগ্ৰাপাৰৰ কটকীয়া গাঁৱৰ ৰাজ্যিক কিষাণ মৰ্চাৰ কাৰ্যনিৰ্বাহক তথা নলবাৰী জিলা বিজেপিৰ সম্পাদক দ্বীপেন কলিতাই ৰাজ্যিক বিজেপিৰ আদেশ মৰ্মে নিজ গাঁৱৰ ১০০টাকৈ পৰিয়ালৰ মাজত চাউল,দাইল,আলু,পিয়াঁঁজ,মিঠাতেলকে ধৰি প্ৰয়োজনীয় বিভিন্ন খাদ্য বস্তু বিতৰণ কৰে।লগতে,দুয়োগৰাকী নেতাই অঞ্চলটোৰ দুখীয়া কৃষকৰ সৈতে মত -বিনিময় কৰে।বুধবাৰৰ এই সাহায্য বিতৰণত সহায় কৰে বিজেপিৰ জ্যোষ্ঠ নেতা চন্দন শৰ্মা,কটকীয়া গাঁও সভাৰ সদস্য বাপুতি ডেকা,বিজেপি কৰ্মী সদানন্দ কলিতা আদিয়ে।
- Log in to post comments
- 63 views