মৃণাল ডেকা,শুৱালকুছি:
এফালে ঋতুৰাজ বসন্তৰ আগমনত বাউলী হোৱা গাভৰু প্ৰকৃতিৰ অপৰূপ সাজোন-কাচোন ,আনফালে ক'ৰ'না মহামাৰীৰ সংহাৰী ৰূপত আতংকিত সমগ্ৰ বিশ্বৰ জনগণ।প্ৰতিশ্ৰুতি ৰক্ষা কৰি আকৌ আহিল অসমীয়াৰ আপোনােৰো আপোন হেঁপাহৰ বহাগ বিহু।বিশ্বজুৰি অব্যাহত থকা ক'ৰ'না ভাইৰাছৰ সন্ত্ৰাসৰ বাবেই এইবাৰ অসমীয়াই পৰম্পৰা ৰক্ষা কৰিয়েই হেঁপাহৰ বিহুটি পালন কৰিছে।ক'ভিড-১৯ সংক্ৰমণৰ শংকাত জনসাধাৰণ ঘৰৰ চাৰিবেৰৰ মাজতেই আবদ্ধ হ'বলৈ বাধ্য হৈছে।কৰ'না ভাইৰাছ আতংকই সকলোকে শংকিত কৰি ৰাখিছে যদিও হেঁপাহৰ বিহুটি অনুষ্টুপীয়াকৈ হ'লেও আয়োজন কৰিবলৈ বিচাৰিছে বিহু সমিতিসমূহে।সদৌ বংশৰ ৰঙালী বিহু সন্মিলনীয়েও এইবেলি সোণালী জয়ন্তী বৰ্ষৰ সাংস্কৃতিক কাৰ্যসূচী আয়োজনৰ পৰা বিৰত থাকি কেৱল বিহু উদযাপনৰ পতাকা উত্তোলন কৰে।স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ অনুসৰিয়েই পতাকা উত্তোলন কাৰ্যসূচীত কেৱল পাঁঁচজন ব্যক্তিৰ উপস্থিতিত সদৌ বংশৰ ৰঙালী বিহু সন্মিলনীৰ সোণালী জয়ন্তী বৰ্ষৰ বিহু পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ৰবীন পাঠকে।উত্তোলন কৰি সভাপতিয়ে কয় যে ক'ৰ'না ভাইৰাছৰ পৰা মুক্ত হ'ব পাৰিলে,এদিন নিশ্চয় ভাল দিন আহিব।তেতিয়া সদৌ বংশৰ ৰঙালী বিহুৰ লগতে আন আন উৎসৱবোৰো উদযাপন কৰিব পৰা যাব।
- Log in to post comments
- 91 views