মৰিগাঁৱৰ পৰা জিতুমণি নাথ:
তিৱা জনগোষ্ঠীয় ৰাইজৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে গঠিত তিৱা স্বায়ত্ত্ব পৰিষদৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱসটো সোমবাৰে মৰিগাঁও নগৰস্থিত তিৱা স্বায়ত্ত্ব পৰিষদৰ কাৰ্যালয়ত অনুষ্টুপীয়াকৈ পালন কৰা হয়।বৰ্তমানৰ ক'ৰ'না সংকটৰ বাবে পুৱা পতাকা উত্তোলন,বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী সম্পূৰ্ণ কৰিয়েই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ সামৰণি মৰা হয়।তিৱা স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাই পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰি কয় যে ক'ৰ'না সংকটৰে বাবে তিৱা স্বায়ত্ত্ব পৰিষদৰ ৰূপালী জয়ন্তী উৎসৱটো আনন্দ-উল্লাসৰ মাজেৰে অনুষ্ঠিত কৰিব নোৱাৰিলো।ভাল পৰিৱেশ সৃষ্টি হ'লে ৰূপালী জয়ন্তী উৎসৱটো আগন্তক দিনত ওলহ- মালহেৰে অনুষ্ঠিত কৰিবলৈ প্ৰয়াস কৰা হ'ব বুলি মন্তব্য কৰি মুখ্য কাৰ্যবাহী সদস্যজনে সকলোলৈকে ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰে।তদুপৰি,ঘৰতে থাকি সকলোকে ৰঙালী বিহু উদযাপন কৰিবলৈ আহ্বান জনাই তেওঁ সোমবাৰে সন্ধিয়া বিশ্বৰ মঙ্গলৰ বাবে প্ৰত্যেক ঘৰ পৰিয়ালৰ পদূলিত এগছিকৈ বন্তি প্ৰজ্বলন কৰি প্ৰাৰ্থনা জনাবলৈ আহ্বান জনায়।ইয়াৰ পিছতেই কাৰ্যবাহী সদস্য খগেন বৰদলৈয়ে বন্তি প্ৰজ্বলন আৰু বিনন্দ পাটৰে স্মৃতি তৰ্পণ কৰে।
- Log in to post comments
- 29 views