নৰেন শৰ্মা,বাহাৰঘাট:
'লকডাউন'ৰ সময়ত উপাৰ্জন শূূূন্য হৈ পৰা নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত কালাগ,বৰকুলহাটী,ক্ষুদ্ৰকুলহাটী,ৰণাকুছি, ক্ষুদ্ৰ ডিংডিঙি,কোটালকুছি, কমাৰকুছি,ডিংডিঙি আৰু ফকীৰতোলা গাঁওৰ শতাধিক পৰিয়ালক যোৱা ১২ এপ্ৰিলত শিল্পী জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গৰ তৰফৰ পৰা খাদ্য সামগ্ৰী যোগান ধৰা হয়।উক্ত পৰিয়ালকেইটাক জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গৰ হৈ খাদ্য সামগ্ৰী প্ৰদান কৰে বৃন্দাবন থিয়েটাৰৰ প্ৰয়োজক গণেশ ৰায় মেধি(বংকিম),জুবিন গাৰ্গৰ বন্ধু নয়ন কাশ্যপ, নলবাৰী জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকা,সহ:সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্ত,কাৰ্যালয় সম্পাদক ব্ৰজেন কলিতা,অসম উন্নতি সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সুকুমাৰ শৰ্মা,অ:জা:য়ু:ছা:পৰ নলবাৰী জিলা সমিতিৰ সম্পাদক নিৰোদ দাস, ডাঃ মধু বৈশ্য,'নিউজ লাইভ' চেনেলৰ জ্যেষ্ঠ সাংবাদিক ব্ৰজেন তালুকদাৰ,বৰভাগ আঞ্চলিক ছাত্র সন্থাৰ সাংগঠনিক সম্পাদক দ্বীপজ্যোতি কলিতাই।উক্ত দলটোৱে সম্পূৰ্ণ স্বাস্থ্য বিধি আৰু নীতি-নিয়ম মানি চলি শতাধিক পৰিয়ালক সাহায্য বিতৰণ কৰে।
- Log in to post comments
- 47 views