হাজোৰ বৰছলিত 'তৰুণজ্যোতি সংঘ'ৰ আৰ্তজনৰ মাজত অত্যাৱশকীয় খাদ্য সামগ্ৰী বিতৰণ

Pic

হাজোৰ পৰা কমলাকান্ত দাস:


সমগ্র দেশতে 'লকডাউন' চলি থকাৰ সময়ত দুখীয়া-নিচলা পৰিয়ালসমূহৰ মাজত  সৃষ্টি হৈছে খাদ্য সংকট।ইতিমধ্যে,সমগ্ৰ ভাৰতবৰ্ষতে চৰকাৰৰ লগতে সুহৃদয় ব্যক্তিসকলে আৰ্তজনৰ মাজত অত্যাৱশকীয় খাদ্য সামগ্ৰী বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দিছে।এনে এক জটিল সন্ধিক্ষণত সোমবাৰে কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত বঙালপাৰাস্থিত 'তৰুণজ্যোতি সংঘ'ৰ তৰফৰ পৰা লয় এক প্ৰশংসনীয় পদক্ষেপ।সংঘৰ বিষয়ববীয়াৰ লগতে সদস্যসকলে  বৃহত্তৰ বৰছলি অঞ্চলৰ শতাধিক আৰ্তজনৰ মাজত বিতৰণ কৰে অত্যাৱশকীয় খাদ্য সামগ্ৰী।আৰ্তজনৰ মাজত তেওঁলোকে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ সম্পৰ্কত সজাগতামূলক পৰামৰ্শ আগবঢ়ায়।
তৰুণজ্যোতি সংঘই গ্ৰহণ কৰা এই পদক্ষেপৰ শলাগ লৈছে সচেতন মহলে।

Your Comments