জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা:
সমগ্ৰ দেশজুৰি অব্যাহত থকা 'লকডাউন'ৰ সময়ত গৃহবন্দী হৈ থাকিব লগীয়া দৰিদ্ৰ তথা দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা লোকসকলক কিছু খাদ্য-সম্ভাৰ যোগান ধৰাৰ বাবে আগবাঢ়ি আহিছে শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰি অন্তৰ্গত ৰঙাচকুৱা নিৱাসী তথা ৰঙাচকুৱা ডাকঘৰত পিয়ন হিচাপে কৰ্মৰত কৃষ্ণ কলিতা আৰু সমাজকৰ্মী অমূল্য বৰা।অতি দৰিদ্ৰ তথা শ্ৰমিক হিচাপে জীৱন অতিবাহিত কৰা ১০ ঘৰ পৰিয়ালৰ মাজত তেওঁলোকে খাদ্য সামগ্ৰী প্ৰদান কৰে।তেওঁলোকে দুখীয়া লোকসকলক সামাজিক দূৰত্ব বজাই ৰাখি চাউল,দাইল,আলু,পিয়াঁজ, তেল আৰু নিমখৰ টোপোলাৰে খাদ্য-সম্ভাৰৰ সাহায্য প্ৰদান কৰাৰ লগতে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত সজাগ কৰে।
- Log in to post comments
- 21 views