ৰঞ্জিত তালুকদাৰ, বৰপেটাৰোড:
"ক'ভিড-১৯" অৰ্থাৎ ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে অসমত চলি থকা 'লকডাউন'ত দৰিদ্ৰ জনতাৰ মাজত খাদ্য সংকটৰ সৃষ্টি হৈছে।বৰপেটা জিলাৰ 'দত্তকুচি যুৱক সংঘ'ই এই কথা উপলব্ধি কৰি অতিকে দুখীয়া-নিচলা মানুহক কিছু সহায়ৰ হাত আগবঢ়োৱাৰ চেষ্টা কৰিছে।ঘৰে-ঘৰে গৈ দুখীয়া পৰিয়ালসমূহক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীসমূহ যোগান ধৰি মানৱতাৰ নিদৰ্শন দাাঙি ধৰিছে।লগতে,মাৰাত্মক ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ বিষয়ে বিশদভাৱে বুজাইছে।সচেতন আৰু সর্তক হৈ থাকিবলৈ আহ্বান জনাইছে।
- Log in to post comments
- 11 views