'লকডাউন'ৰ সময়ত উৰুকাৰ দিনা আৰ্তজনৰ কাষত গাওঁবুঢ়া সহিতে কেইগৰাকীমান যুৱক

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

অসমীয়াই প্ৰতি বছৰে উলহ-মালহেৰে পালন কৰি অহা বাপতিসাহোন ৰঙালী বিহু এইবাৰ পালন কৰিব নোৱাৰিব।কিয়নো দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে চলি আছে 'লকডাউন'।ইতিমধ্যে লকডাউনে ১৯ টা দিন অতিক্ৰম কৰিলে।এতিয়াও অধিকাংশ দৰিদ্ৰ আৰু দিন হাজিৰা কৰা পৰিয়ালসমূহৰ মাজত এমুঠি খাদ্যৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।তেনে সময়তে আৰ্তজনৰ কাষত থিয় দিছে একাংশ সমাজ সচেতন ব্যক্তি।দেওবাৰে শিৱসাগৰৰ নগৰ মহল মৌজাৰ গাঁওবুঢ়া পলাশ প্ৰতিম গগৈয়ে পৰিয়ালৰ কেইবাজনো যুৱকৰ সহযোগত নিজা খৰচেৰে চাউলকৰা,টেক্সি মঠাদাং,কমাৰফদিয়া গাঁৱৰ প্ৰায় ৬০ টা পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে।বিহুৰ দিনা যাতে কোনো দৰিদ্ৰ পৰিয়ালে ভোকত থাকিবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ অধীনত থকা গাঁৱৰ ৰাইজৰ মাজত উৰুকাৰ দিনা খাদ্য সামগ্ৰী বিতৰণ কৰে বুলি জানিবলৈ দিয়ে। দেওবাৰে এই  বিতৰণ অনুষ্ঠানত পলাশ প্ৰতীম গগৈৰ উপৰি মুনীন গগৈ(বাবু),
ৰিম্পো গগৈ,প্ৰাঞ্জল গগৈ, হৰেন্দ্ৰ গোহাঁয়ে সামাজিক দূৰত্ব বজাই ৰাখি খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত সহযোগিতা আগবঢ়ায়।  যুৱককেইগৰাকীয়ে খাদ্য সামগ্ৰী বিতৰণৰ লগতে তেওঁলোকক সজাগতামূলক পৰামৰ্শ আগবঢ়ায়।

Your Comments