নগাঁৱত 'লকডাউন'ৰ সুবিধা গ্ৰহণ অসাধু ব্যৱসায়ীৰ:অত্যধিক মূল্যত খাদ্য সামগ্ৰী বিক্ৰী

Pic

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

মহামাৰী ক'ৰ'না ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি দেশজুৰি চলি থকা 'লকডাউন'ৰ পৰিপ্ৰেক্ষিতত সৰ্বসাধাৰণ নাগৰিকসকল আৰ্থিকভাৱে জুৰুলা হৈ পৰাৰ সময়তে ৰঙালী বিহুৰ প্ৰাকক্ষণত একাংশ অসাধু ব্যৱসায়ীয়ে নগাঁৱত উচ্চ দৰত বিশেষকৈ খাদ্য সামগ্ৰী বিক্ৰী কৰাৰ  অভিযোগ উত্থাপন হৈছে।চৰকাৰে লকডাউনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানসমূহ খোলা ৰখাৰ নিৰ্দেশ দিয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি জিলাখনৰ বিভিন্ন স্থানত একাংশ পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীয়ে গ্ৰাহকক নিৰ্ধাৰিত মূল্যতকৈ অধিক মূল্যত সামগ্ৰী বিক্ৰী কৰি আহিছে।এই ব্যৱসায়ীসকলে চাউল,দাইল,আটা,চেনী, মিঠাতেল,চিৰা,শাক-পাচলি,গাখীৰৰ পেকেটকে ধৰি বিভিন্ন সামগ্ৰীৰ মূল্য নিৰ্দ্ধাৰিত মূল্যতকৈ ১৫ - ২০ টকা পৰ্যন্ত বেচিকৈ লোৱাৰ অভিযোগ উঠিছে।ৰঙালী বিহুৰ প্ৰাকক্ষণত দেওবাৰে নগাঁৱৰ বজাৰত সামগ্ৰীৰ জুই-চাই দাম হৈছে।৬০ টকাৰ সাধাৰণ দাইল এতিয়া ৮০ টকা, ৯০ টকাৰ মচুৰ দাইল ১১২ টকা,৭০ টকাৰ বুট ৯০ টকা,২৫ টকাৰ পিয়াঁঁজ ৪০ টকা,৪০ টকাৰ চিৰাৰ মূল্য ১০০ টকালৈ বৃদ্ধি হৈছে।একেদৰে আটা,মিঠাতেলৰ মুল্য প্ৰকৃত মূূল্যতকৈ ১০ পৰা ১৫ টকা পৰ্যন্ত বৃদ্ধি হৈছে।আনহাতে,জিলাখনত শাক-পাচলিৰ দাম অভাৱনীয়ভাৱে বৃদ্ধি হৈছে।নগাওঁ চহৰত দেওবাৰে প্ৰতি কেজি পটল আৰু ভাত কেৰেলা ১০০ টকাকৈ,লেচেৰামাহ ৬০টকা, চজনা ৮০ টকা দৰত বিক্ৰী হৈছে।কোমোৰা, ৰঙা লাও,ঢেকীয়া,কচুকে ধৰি বিভিন্ন শাক- পাচলিৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি পাইছে একাংশ ব্যৱসায়ীয়ে জনোৱা মতে, বৰ্তমান বজাৰত সামগ্ৰীৰ নাটনি হোৱাৰ বাবে পাইকাৰী দোকানৰ পৰা আমি অধিক মূল্যত সামগ্ৰী ক্ৰয় কৰিব লগা হৈছে।সেয়ে আমি খুচুৰা ব্যৱসায়ীসকলে গ্ৰাহকক অধিক দামত সামগ্ৰী বিক্ৰী কৰিবলৈ বাধ্য হৈছোঁঁ।নগাঁৱত এতিয়া নিয়ন্ত্ৰণহীন হৈ পৰিছে পাইকাৰী আৰু খুচুৰা ব্যৱসায় প্ৰতিষ্ঠান।কাণষাৰ নাই জিলা প্ৰশাসন আৰু যোগান বিভাগৰ।ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষন চৌধুৰীয়ে মূল্য বৃদ্ধি কৰা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ফুটুকাৰ ফেনত পৰিনত হৈছে।অৱশ্যে আজি জিলা যোগান বিভাগৰ এটা দলে অভিযান চলাই মৰিকলং চাৰিআলিস্থ 'বৰদান' নামৰ গেলামালৰ দোকানখন জব্দ কৰি কেতবোৰ অনিয়মৰ তথ্য ধৰা পেলায়।ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে যোগান বিভাগে নিৰ্দ্ধাৰণ কৰি মূল্যতকৈ অধিক মূল্যত সামগ্ৰী বিক্ৰী কৰি আছিল।আনকি,সামগ্ৰীৰ মূল্যৰ তালিকাখন ৰাজহুৱাভাৱে আঁঁৰি থ'ব লাগে যদিও সেয়া কৰা নাছিল বুলি বিভাগীয় এক সূত্ৰত জানিব পৰা গৈছে।সোমাবাৰৰ পৰা এই অভিযান অধিক তীব্ৰতৰ কৰি তোলা হ'ব বুলি যোগান বিভাগৰ সূত্ৰটোৱে সদৰি কৰিছে।

 

Your Comments