চাৰিপুখুৰীত গাঁও পঞ্চায়ত সভানেত্ৰীৰ দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান  

Pic

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা:

সমগ্ৰ দেশজুৰি অব্যাহত থকা ২১ দিনীয়া      'লকডাউন'ৰ সময়ত গৃহবন্দী হৈ  থাকিব লগীয়া হোৱা দৰিদ্ৰ তথা দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা লোকসকলক কিছু খাদ্য-সম্ভাৰ যোগান ধৰাৰ বাবে আগবাঢ়ি আহে শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰিৰ অন্তৰ্গত চাৰিপুখুৰী নিৱাসী তথা পশ্চিম মূঢ়াদল গাঁও পঞ্চায়তৰ সভানেত্ৰী হিমাদ্ৰী দেৱী।তেওঁঁ অতি দৰিদ্ৰ তথা শ্ৰমিক হিচাপে জীৱন অতিবাহিত কৰা ১০ ঘৰ পৰিয়ালক খাদ্য সমগ্ৰী প্ৰদান কৰে।সভানেত্ৰীগৰাকীয়ে গাঁৱৰ দুখীয়া লোকসকলক সামাজিক দুৰত্ব বজাই ৰাখি চাউল,দাইল,আলু,পিয়াঁজ,তেল আৰু নিমখৰ টোপোলাৰ খাদ্য-সম্ভাৰেৰে সাহায্য প্ৰদান কৰে।লগতে,ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধ  সন্দৰ্ভত গাঁওবাসীক সজাগ কৰে।

Your Comments