হাজোৰ পৰা কমলাকান্ত দাস:
ক'ভিড-১৯ ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ভাৰতত 'লকডাউন' চলি আছে।এই সময়ত শ্ৰমজীৱী তথা দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া লোকসকলৰ মাজত দেখা খাদ্য সংকটৰ প্ৰতি লক্ষ্য ৰাখি হাজোৰ দামপুৰ গাঁঁৱৰ বিশিষ্ট সমাজকৰ্মী তথা দামপুৰ লিটিল ষ্টাৰ ইংলিছ স্কুলৰ পৰিচালন সঞ্চালক ইনতাজৰ ৰহমানে অঞ্চলটোৰ গৰীৱ লোকসকলক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে।ৰহমানে দামপুৰ গাঁঁৱৰৰ এশটা গৰীৱ পৰিয়ালক চেনী,আটা,দাইল,আলু,পিয়াজ,মিঠাতেল আৰু নিমখৰ পেকেটসহ তিনি দিনৰ খাদ্য সামগ্ৰী যোগান ধৰে।তেওঁ যোৱা প্ৰলয়ংকৰী বানপানীত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰি বিপদৰ পৰা উদ্ধাৰ কৰিছিল।তদুপৰি ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ বাবে গাঁঁৱত গোহাৰি বিতৰণ কৰি ৰাইজক সজাগ কৰাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিছিল।তেওঁ অসম আৰোগ্য নিধিলৈ সাহায্য আগবঢ়াব বুলি প্ৰকাশ কৰে।
■ৰামদিয়া সমাজ উন্নয়ন সমিতি আৰু বিশিষ্ট ব্যৱসায়ী বংকিম দাসে ৰামদিয়া, নামপাৰা,কলবাৰী,বঙালটোলা,কাহিবাৰী,আৰু লহকৰপাৰাৰ সৰ্বমুঠ ১২৫ টা গৰীৱ পৰিয়ালক দুদিনৰ খাদ্য সামগ্ৰী যোগান ধৰে।এই সামগ্ৰী বিতৰণত উপস্থিত থাকি ৰামদিয়া ৰাজ্যিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ মদন চন্ৰ দাসে কয় এই সংকটকালত অঞ্চলটোৰ গৰীৱ লোকসকলক যৎকিঞ্চিত সাহায্য আগবঢ়োৱাত সমিতিৰ সমূহ কাৰ্যকৰ্তাৰ লগতে বংকিম দাসৰ শলাগ লয়।তেওঁ সামাজিক দূৰত্ব বজাই ৰখা সঘনে হাত ধোৱা আৰু চাফ-চিকুনকৈ থকাৰ বাবে আহ্বান জনায়।খাদ্য বিতৰণত সমিতিৰ উপদেষ্টা নবীন মেধি,উপ-সভাপতি মহানন্দ দাস,সদস্য মাধৱ দাস,দিলীপ ঠাকুৰীয়া
উপস্থিত থাকে।আনহাতে,ৰামদিয়া সস্তাৰৰ কৰ্মচাৰীৰ লগতে এলআই শচি বিষয়া নৰেন কলিতা,ব্যৱসায়ী মহিধৰ কলিতায়ো অঞ্চলটোৰ গৰীৱ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।ক্ষেত্ৰীহাৰদিয়া গাঁঁৱৰ কৰ্মচাৰীসকলেও ঘৰে ঘৰে গৈ খাদ্য সামগ্ৰী বিতৰণ কৰে।
- Log in to post comments
- 33 views