নলবাৰীত সাম্প্ৰদায়িক সম্প্ৰীতিৰ নিদৰ্শন:সাংবাদিক মজিবুৰ ৰহমানে শেষকৃত্য সম্পন্ন কৰিলে বৃদ্ধাশ্ৰমৰ শকুন্তলা দাসৰ

Pic

বৰভাগৰ পৰা সঞ্জয় দাসৰ প্ৰতিবেদন:

দেশ তথা ৰাজ্যত একাংশ ধৰ্মান্ধ লোকে হিন্দু-মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰি সমাজত বিষবাস্প বিয়পাই তোলাৰ সময়তে নলবাৰীত ১১ এপ্ৰিলত পুনৰবাৰ দেখা গ'ল সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন।সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক'ৰ'না ভাইৰাছৰ বিভীষিকাময় পৰিস্থিতি আৰু 'লকডাউন'ৰ ভয়াৱহতাৰ মাজত নলবাৰীত এগৰাকী সাংবাদিকে দেখুৱালে মহানুভৱতা।নলবাৰীৰ শান্তি নিৱাস বৃদ্ধাশ্ৰমত যোৱা দুবছৰৰো অধিক সময় আশ্ৰয় গ্ৰহণ কৰি থকা এগৰাকী অসহায় বৃদ্ধা শকুন্তলা দাসে (৭৫) দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে।শনিবাৰে নলবাৰীৰ ৰাজহুৱা শ্মশানত বৃদ্ধাগৰাকীক বৈদিক নিয়মেৰে মুখাগ্নি কৰে  মানৱদৰদী সাংবাদিক মজিবুৰ ৰহমানে।উল্লেখ্য যে বৰ্ণিবাৰী গাঁঁৱৰ শকুন্তলা দাসে বিবাহ হৈছিল নলবাৰীৰ সোণপুৰত।বৈবাহিক চিনস্বৰূপে দুয়োৰে সতি-সন্ততি নাছিল যদিও স্বামীৰ মৃত্যুৰ পিছত বৃদ্ধাগৰাকীয়ে বহুত হেপাঁহেৰে নিজৰ পিতৃগৃহলৈ উভতি গৈছিল যদিও পিতৃ-মাতৃৰ গৃহত আশ্ৰয় নাপালে ।জীৱনৰ শেষ সময়ছোৱাত বৃদ্ধাগৰাকীয়ে নিজৰ ভাই,ভতিজা আৰু আত্মীয়-স্বজনৰ দ্বাৰা এলাগী হৈ বৰ্ণিবাৰীৰ সাপ্তাহিক বজাৰত এক কদৰ্যময় অৱস্থাত দিন অতিবাহিত কৰিব লগীয়া হৈছিল।বৰ্ণিবাৰীৰ বজাৰ-গৃহত এবছৰ ধৰি আশ্ৰয় লৈ থকাৰ খবৰ লাভ কৰি সেই স্থানৰ পৰা উদ্ধাৰ কৰি আনিছিল মানৱদৰদী সাংবাদিক মজিবুৰ ৰহমানে।মধুমেহ,উচ্চ ৰক্তচাপকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত বৃদ্ধাগৰাকীক উদ্ধাৰ কৰি আনি  চিকিৎসাৰ অন্তত আশ্ৰয়ৰ ব্যৱস্থা কৰিছিল শান্তি নিৱাসত।সাংবাদিক মজিবুৰ ৰহমানে যোৱা দুবছৰৰো অধিক সময় বৃদ্ধাগৰাকীক চিকিৎসা কৰোৱাই ভৰণ-পোষণ দি আহিছিল যদিও যোৱা সময়ছোৱাত এদিনৰ বাবেও বৃদ্ধাগৰাকীৰ খবৰ নল'লে তেওঁৰ ভাই,ভাই-বোৱাৰী,ভতিজা আৰু আত্মীয়-স্বজনে।অৱশেষত শুকুৰবাৰে নিশা বৃদ্ধা শকুন্তলাই শেষ নিশ্বাস ত্যাগ কৰাৰ পিছত সাংবাদিক ৰহমানে তেওঁৰ আত্মীয়-স্বজনলৈ খবৰ পঠাইছিল যদিও শনিবাৰে  শেষকৃত্যস্থলীত    পৰিয়ালৰ কোনো লোক উপস্থিত নহ'ল। অৱশেষত সাংবাদিক মজিবুৰ ৰহমানে হিন্দু ৰীতিমতে বৈদিক নিয়মেৰে মুখাগ্নি কৰে বৃদ্ধাগৰাকীৰ।বিভিন্নগৰাকী শুভাকাংক্ষীৰ উপস্থিতিত নলবাৰীৰ ৰাজহুৱা শ্মশানত সকলোৰে পৰা বিদায় ল'লে শকুন্তলাই ।লকডাউনৰ এনে ভয়াৱহ সময়ত সামাজিক  দুৰত্ব বজাই ৰাখি বৃদ্ধাগৰাকীক শেষ বিদায় জনোৱা হয়।মানৱদৰদী সাংবাদিক মজিবুৰ ৰহমানৰ শনিবাৰে এই কাৰ্যসুচীত সহযোগিতা আগবঢ়ায় নলবাৰী প্ৰেছ ক্লাবৰ সভাপতি জিতেন শৰ্মা,সাংবাদিক মুকুট চৌধুৰী,সচেতন যুৱক তথা নলবাৰী পৌৰসভাৰ কৰ্মচাৰী জেহেৰুল ইছলাম,নলবাৰী জিলা হাইস্কুল শিক্ষক সন্থাৰ সম্পাদক উমেশ দাস,নলবাৰী জিলা মজলীয়া শিক্ষক সন্থাৰ সভাপতি বিজয় বৰুৱা,নলবাৰী জিলা গাওঁৰক্ষী বাহিনীৰ সম্পাদক গোলাপ বৰ্মন,সচেতন নাগৰিক  ফাৰুক হুছেইন,ইনামুল হ'ক (জোন),ৰিংকু মালাকৰ,নলবাৰী ৰাজহুৱা শ্মশান কমিতিৰ সম্পাদক পুলিট জালান,সমাজকৰ্মী ৰাজা জালান,শ্মশান বন্ধু নবীন চন্দ্ৰ ডেকা,আবেদ আলীকে ধৰি বিভিন্নজনে সহযোগিতা আগবঢ়ায়।

Your Comments