কামৰূপৰ দদৰাত অসমীয়াৰ স্বাভিমান গামোচাত হাড়গিলা,গঁড়,হাতীৰ চানেকিৰে মাক্স প্ৰস্তুত কৰাত ব্যস্ত 'হাড়গিলা আৰ্মী'

Pic

মৃণাল ডেকা,শুৱালকুছি:

ক'ৰ'না ভাইৰাছৰ মহামাৰী সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশত অব্যাহত আছে ২১ দিনীয়া 'লকডাউন'৷  ইফালে,অসমীয়াৰ সপোনৰ ৰঙালী বিহুটি পদুলিমুখত।এইবাৰ অসমৰ জাতীয় জীৱনৰ প্ৰাণস্পন্দন স্বৰূপ ৰঙালী বিহুটি যে ৰাইজে উলাহ-মালহেৰে আদৰিব নোৱাৰিব,সেইটো খাটাং।যিসময়ত চাৰিওফালে শুনা যায় ঢোলৰ গুমগুমনি,সেই সময়ত চলিছে কেৱল জীৱন বচোৱাৰ সংগ্ৰাম।কামৰূপৰ দদৰাৰ 'হাড়গিলা আৰ্মী'ৰ ৪০০ মহিলা সদস্যই গ্ৰীণ অস্কাৰপ্ৰাপ্ত পূৰ্ণিমা দেৱী বৰ্মনৰ সহযোগিতাত বিলুপ্তপ্ৰায় প্ৰাণী সংৰক্ষণ কৰাৰ লগতে নিজেও তাঁতশালত হাড়গিলা,গঁড়,হাতীৰ চানেকিৰে গামোচা প্ৰস্তুত কৰি গামোচাৰে জৰিয়তে প্ৰকৃতিৰ সজাগতা আৰু অৰ্থনৈতিকভাৱে স্বাবলম্বী হৈ আহিছিল।এইবাৰ যিহেতু মহামাৰী ক'ৰ'নাৰ বাবে হেপাঁহৰ বিহুটি উলাহ-মালহেৰে অনুষ্ঠিত কৰিব নোৱাৰিব,যাৰফলত অসমীয়াৰ স্বাভিমান গামোচাৰ বিক্ৰী কমি আহিব,হাড়গিলা আৰ্মীৰ অৰ্থনৈতিকভাৱে দুৰ্বল শিপিনীসকল ক্ষতিগ্ৰস্ত হ'ব।হাড়গিলা আৰ্মীৰ সদস্যসকল যাতে অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত হ'ব নোৱাৰে,তাৰ বাবে গ্ৰীণ অস্কাৰ বিজয়ী পূৰ্ণিমা দেৱী বৰ্মনৰ সহযোগত হাড়গিলা আৰ্মীৰ সদস্যসকলৰ মামণি মালাকাৰ ,ৰেৱতী বৈশ্য,প্ৰতিভা দাস আদি সদস্যসকলে এখন গামোচাত ৬ ৰ পৰা ৭ খন মাক্স ক'ৰ'না সজাগতাৰ বাবে তৈয়াৰ কৰিছে।

Pic

অসমৰ গৌৰৱ এশিঙীয়া গঁড় ,হাতী,ময়ূৰৰ চানেকিৰ গামোচাৰে প্ৰস্তুত কৰা মাক্স ইতিমধ্যে ১৫০০ খন ৩০ ৰ পৰা ৫০ টকাত বিক্ৰী হৈছে ৷ এইসকল মহিলাই কোনোবাই তাঁতশালত, কোনোবাই চিলাই মেচিনত ব্যস্ত।এনেদৰেই,লকডাউনৰ সদ্ব্যৱহাৰ এইসকল মহিলাই।

Your Comments