নাগাঁৱৰ পৰা ৱাহিদুদ জামানৰ প্ৰতিবেদন :
দেশজুৰি চলি থকা ল'কডাউনৰ এই সময়চোৱাত দুৰ্গতজনক বিভিন্ন ব্যক্তি-অনুষ্ঠানে সাহায্য বিতৰণ কাৰ্যসূচী অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত পিছ পৰি থকা নাই নগাঁও জিলাৰ উত্তৰ-পশ্চিমাঞ্চলৰ অগ্ৰণী ব্যক্তিগত মাধ্যমৰ শিক্ষানুষ্ঠান মাৰ্কাজ একাডেমীয়েও। এই শিক্ষানুষ্ঠানৰ তৰফৰ পৰা যোৱা কালি আৰু আজি এই দুটা দিনত আঠ শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰা হয়। স্থানীয় চিলঙনী, সোনাইঘাট, চলচলি, ভকতগাঁও, কাতিমাৰী গ্ৰান্ট, শিমলুগুৰী আদি এলেকাৰ একাংশ দৰিদ্ৰ লোকৰ মাজত চাউল, মিঠাতেল, পিয়াঁজ, চেনি, শাক পাচলি আদি খাদ্য সামগ্ৰীৰ একোটাকৈ টোপোলা বিতৰণ কৰা হয়। শিক্ষানুষ্ঠানটোৰ অধ্যক্ষ মোস্তাফা কামাল, আল হাফিজ ফাউনডেশ্বনৰ সম্পাদক হিফজুৰ ৰহমান, কৰ্মকৰ্তা শ্বৰিফুজ জামানৰ নেতৃত্বত সকলো শিক্ষক-শিক্ষয়িত্ৰী আৰু স্থানীয় ৰাইজৰ সহযোগত কৰা এনে কাৰ্যক সকলোৱে প্ৰশংসা কৰিছে। আনহাতে, অহা দুই/এদিনৰ ভিতৰতে অঞ্চলটোৰ অন্য ১ হাজাৰ দৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণৰ প্ৰস্তুতি চলোৱা হৈছে বুলি বিদ্যালয় কৰ্তৃপক্ষই সংবাদ মাধ্যমক জানিব দিয়ে।
- Log in to post comments
- 34 views