বঙাইগাঁৱৰ প্ৰতিবেদক:
ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কাজিপাৰাৰ জামালুদ্দিন নামৰ ব্যক্তিজন কোভিড-১৯ ৰোগত আক্ৰান্ত হোৱাৰ পিছতে বঙাইগাঁও জিলা প্ৰশাসন অধিক সতৰ্ক হৈ পৰিছে।বঙাইগাঁও জিলা প্ৰশাসনে ইতিমধ্যে ছীল কৰি দিছে জিলাখনৰ চাপৰৰ সীমান্তৱৰ্তী তিনিখনকৈ গাঁও।উল্লেখ্য যে কোভিড- ১৯ ত আক্ৰান্ত হোৱা জামালুদ্দিন ধুবুৰী জিলাৰ চাপৰৰ বাসিন্দা হোৱাত তথা চাপৰ বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী হোৱাৰ বাবে জিলা প্ৰশাসনে বইটামাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁও তিনিখন ছীল কৰি দিছে ৷ জিলা প্ৰশাসনে গাঁও তিনিখনৰ চাৰিওদিশে ধুবুৰী জিলাৰ সৈতে লাগি থকা সীমান্তৰ পৰা ৩ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভৌগোলিক এলেকা সামৰি ছীল কৰি দিছে ৷ সেই অনুসৰি ছীল কৰা অংশবোৰ হ'ল উত্তৰে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ঝাউকুড়া প্ৰথম খণ্ড, দক্ষিণ সীমান্তৰ ঝাউকুড়া দ্বিতীয় খণ্ড আৰু খেলুৱাপাৰা সপ্তম খণ্ড, পূব সীমান্তৰ খেলুৱাপাৰা সপ্তম খণ্ড আৰু পশ্চিম সীমান্তৰ ঝাউকুড়া প্ৰথম আৰু দ্বিতীয় খণ্ড এলেকা ৷ এই এলেকাবোৰত আন ঠাইৰ পৰা লোকৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে ৷ সেইদৰে এই এলেকাৰ পৰা কোনো লোকে প্ৰশাসনৰ অনুমতি অবিহনে আন ঠাইলৈও যাব নোৱাৰিব ৷ ছীল কৰা এলেকাবোৰত যান-বাহন চলাচলৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে।অৱশ্যে জৰুৰী চিকিৎসা সেৱা আৰু বিশেষ প্ৰয়োজনীয়তাৰ বাবে ৰেহাই দিয়া হৈছে যদিও এইক্ষেত্ৰতো কঠোৰভাৱে মানি চলিব লাগিব চৰকাৰী নীতি- নিৰ্দেশনা। যিমান দিনলৈ এই এলেকাসমূহ কোভিড-১৯ মুক্ত ঘোষণা কৰা নহয়, সিমান দিনলৈ উক্ত এলেকাৰ কোনো ৰাজহুৱা স্থান, ব্যক্তিগত প্ৰতিষ্ঠানত সমাৱেশ, সভা- সমিতি আদি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে । এই এলেকাসমূহৰ প্ৰতি গৰাকী ব্যক্তিয়ে সামাজিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্ৰত সকলো বিধি আৰু অন্যান্য দিশসমূহ কঠোৰভাবে পালন কৰিব লাগিব । এই নিষেধাজ্ঞা আসাম কোভিড-১৯ বিধান ২০২০ অনুসৰি কৰা জাৰি কৰা হৈছে আৰু পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত উক্ত এলেকাসমূহত বাহাল থাকিব । উল্লেখ্য যে এই ৰোগীজনৰ সংস্পৰ্শলৈ অহা বঙাইগাঁও জিলাৰ চিকিৎসক আদিকে ধৰি ৩৩ জন ব্যক্তিক আছুতীয়াকৈ ৰখা হৈছে ৷ ৰোগীজনে প্ৰাৰম্ভিক অৱস্থাত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত কাহ- চৰ্দি- জ্বৰৰ চিকিৎসা গ্ৰহণ কৰিবলৈ আহিছিল ৷ পিছত ব্যক্তিজন কোভিড- ১৯ ত আক্ৰান্ত হোৱা বুলি ধৰা পৰাত বঙাইগাঁও জিলাতো হাহাকাৰ লাগে ৷ ব্যক্তিজনৰ সংস্পৰ্শলৈ অহা চিকিৎসক,চিকিৎসাকৰ্মী আদিকে ধৰি জিলাখনৰ মুঠ ৩৩ জন ব্যক্তিক আছুতীয়াকৈ ৰখা হয় আৰু তেওঁলোকৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ ইপিনে শেহতীয়াকৈ বঙাইগাঁও জিলা প্ৰশাসনে ছীল কৰা জিলাখনৰ ঝাউকুড়া প্ৰথম খণ্ডৰ মছজিদতো এই জামালুদ্দিন নামৰ ৰোগীজন আহিছিল বুলি প্ৰশাসনে তথ্য লাভ কৰিছে ৷ এই অঞ্চলতো চাপৰৰ ওচৰত হোৱাত তথা ৰোগীজনৰ সংস্পৰ্শলৈ অঞ্চলটোৰ বিভিন্নজন লোক অহাৰ সন্দেহ কৰিয়ে উক্ত অঞ্চলটোক সামৰি তিনিখন গাঁও ছীল কৰি দিছে ৷ সমগ্ৰ এলেকাটোৰ পাঁচ শতাধিক লোকৰ ঘৰে ঘৰে গৈ প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ লোকে সমগ্ৰ বিষয়টোৰ তথ্য আহৰণ কৰি আছে।
- Log in to post comments
- 10 views