হাজোত 'লকডাউন'ত অসহায় গৰীৱ পৰিয়াললৈ বিভিন্নজনৰ সহায়ৰ হাত

Pic

হাজোৰ পৰা কমলাকান্ত দাস:

দেশত মহামাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে একৈশ দিনীয়া লকডাউনত জনজীৱন সম্পূৰ্ণ স্তব্ধ হৈ পৰাৰ লগতে শ্ৰমিক,কৃষক আৰু দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা লোকসকলে পৰিয়াল পোহপাল দিয়াত ভীষণ অসুবিধাৰ সন্মুখীন হৈছে।এনে এক দুৰ্যোগৰ সময়ত সমাজৰ অতি গৰীৱ পৰিয়ালক সহায়ৰ বাবে মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ কৰ্মচাৰীৰ লগতে ৰাইজলৈ জনোৱা আহ্বানৰ প্ৰতি সঁঁহাৰি জনাই হাজোৰ বিভিন্ন স্থানত বিশিষ্ট সমাজকৰ্মী তথা লুইতপৰীয়া শাখা সাহিত্য সভাৰ সভাপতি দিনমণি ভাণ্ডাৰ কায়স্থই সাধ্যানুসাৰে গৰীৱ লোকসকললৈ সহায়ৰ হাত আগবঢ়াইছে।শনিবাৰে ভাণ্ডাৰকায়স্থৰ উদ্যোগত পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু তিনিগৰাকী স্থানীয় সাংবাদিকৰ সহযোগত ক্ষেত্ৰীহাৰদিয়া,বৰহাৰদিয়া,সোৱানচাহ আৰু ৰামদিয়া অঞ্চলত প্ৰায় তিনিশ গৰীৱ পৰিয়ালক দাইল,আলু,মিঠাতেল, নিমখ, চাবোন আৰু দুই পেকেট বিস্কুটেৰে গৰীৱ পৰিয়াল পৰিয়ালকেইটিলৈ সহায়ৰ হাত আগবঢ়ায়।খাদ্য সামগ্ৰী বিতৰণৰ সময়ত ৩নং পঞ্চতীৰ্থ জিলা সদস্য বিপুল দাস আছু নেতা পংকজ কলিতা, সুৰজিত কলিতা, মানৱ ঠাকুৰীয়া,দেৱাশীষ শৰ্মা, বিশ্বজিত ঠাকুৰীয়া, মৃদুল ঠাকুৰীয়া,ৰুবুল কলিতা,প্ৰাক্তন আছু নেতা দীপাঙ্কৰ তালুকদাৰ,সাংবাদিক অমৰজিত শৰ্মা, শৈলেন বৈশ্য আৰু প্ৰভাত কলিতা উপস্থিত থাকে।আনহাতে লাহ-কয়াটোল-শিলগুৰি আঞ্চলিক কৰ্মচাৰী পৰিষদৰ ৩৬গৰাকী সদস্যই পৰিষদৰ অধীনৰ ৩২১টা গৰীৱ পৰিয়ালৰ গৰে ঘৰে গৈ খাদ্য সামগ্ৰী বিতৰণ কৰে।তদুপৰি,ৰামদিয়া বঙালতোলাৰ ৪৬গৰাকী কৰ্মচাৰী একত্ৰিত হৈ ২৫৬টা পৰিয়ালক,ৰামদিয়া মহাবাহু ট্ৰেডিং কোঃঅপাৰেটিভ ছোছাইটিৰ সভাপতি মধুৰাম পাঠক আৰু সম্পাদক হৰেন্দ্ৰ কুমাৰ দাসে জনোৱা মতে আজি ৰামদিয়াৰ বঙালতোলা,কলবাৰী আৰু নামপাৰাৰ ১৭০টা গৰীৱ পৰিয়ালক আলু,আটা,নিমখ,পিয়াজ,চেনী আৰু মিঠাতেলৰ পেকেট বিতৰণ কৰে। ■কামৰূপ জিলা মীন বিভাগৰ কাৰ্যবাহী অভিযন্তা কৈলাশ কলিতাই নিজাববীয়াকৈ অঞ্চলটোৰ ১৬০টা পৰিয়ালক আলু পিয়াজ নিমখ আটা মিঠাতেল বিস্কুট আৰু পাচলি বিতৰণ কৰে।এই খাদ্য বিতৰণত সহযোগ কৰে জিলা সদস্য বিপুল দাসে।■বামুন্দী কেবল কমিউনেছনৰ গৰীৱলৈ সহায়ৰ হাত আগবঢ়াইছে।কেবল কমিউনিকেচনৰ মালিক বিভাষ কলিতাই জনোৱা মতে মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বামুন্দী অঞ্চলৰ ১১৫ টা গৰীৱ পৰিয়ালক দুদিনৰ খাদ্য যোগান ধৰা হৈছে।

Your Comments