চৰকাৰৰ আহ্বানলৈ ব্যাপক সঁহাৰিঃসাহানবিষ্টুপুৰৰ আৰ্তজনৰ ওচৰত বিভিন্নজন

Pic

বৰভাগৰ পৰা সঞ্জয় দাস:

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা লকডাউনত স্তব্ধ হৈ পৰিছে জনজীৱন।গৃহবন্দী হৈ পৰিছে জনতা।এনে সময়তে স্বাস্থ্য তথা বিত্ত মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰিয়ালসকলক দুখীয়া পৰিয়ালসমূহক  সহায়ৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অধীনস্থ সাহানবিষ্টুপুৰ/ঘোঁহকুছি গাঁঁৱৰ চৰকাৰী পেঞ্চনাৰ আৰু চাকৰিয়ালসকলে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে।গাওঁখনৰ চৰকাৰী পেঞ্চনাৰ ধৰণী কলিতা,গোলক কলিতা,গৰ্গৰাম কলিতা,দামোদৰ কলিতা,হেমেন কলিতা,মণিৰাম কলিতা,কৰুনা কলিতা,নাৰায়ণ তালুকদাৰ,গিতেন ৰাজবংশীৰ উদ্যোগত ( অৰ্থ সাহায্যত ) আৰু জয়শ্ৰী যুৱক সংঘৰ সহযোগত যৌথভাৱে শুকুৰবাৰে গাওঁখনৰ প্ৰায় ৫০ টা দুখীয়া,দিনহাজিৰা কৰা পৰিয়ালৰ মাজত প্ৰশাসনৰ নীতি-নিয়ম মানি ঘৰে ঘৰে গৈ খাদ্য সামগ্ৰী যোগান ধৰে।দুখীয়া পৰিয়ালকেইটাই উক্ত ব্যক্তিকেইজনৰ এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰে।

Your Comments