মাজুলীত ম্যাদ ওকলা খাদ্য তথা অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰীৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ অভিযান

ৰাজীৱ পাতিৰ,মাজুলী: 

"ক'ভিড-১৯"ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি বলৱৎ হৈ থকা 'লকডাউন'ৰ সময়ছোৱাত মাজুলী জিলাৰ খাদ্য তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানসমূহত কোনো কাৰণতে ম্যাদ ওকলা সামগ্ৰী গ্ৰাহকক যাতে বিক্ৰী কৰা নহয়,সেয়া সুনিশ্চিত কৰিবলৈ এনে ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীসকলক সতৰ্ক কৰি দিছে মাজুলী জিলা প্ৰশাসনে।উপায়ুক্তৰ নিৰ্দেশত ইতিমধ্যে জিলা খাদ্য,অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগ আৰু খাদ্য সুৰক্ষা বিভাগৰ বিষয়াই জিলাখনৰ বিভিন্ন অংশত দোকানে- দোকানে গৈ খাদ্য তথা অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ ম্যাদৰ সময়সীমা(এক্সপাইৰী ডেট)পৰীক্ষাৰ অভিযান আৰম্ভ কৰিছে।পৰিস্থিতিৰ সুবিধা লৈ জিলাখনৰ কোনো কোনো অংশত একাংশ ব্যৱসায়ীয়ে সহজ-সৰল গ্ৰাহক ৰাইজক ম্যাদ পাৰ হোৱা বিস্কুট আদি পেকেটত উপলব্ধ খাদ্য সামগ্ৰী বিক্ৰী কৰা বুলি অভিযোগ উঠাৰ পিছতে এই বিষয়ত জিলা প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰি ব্যৱসায়ীসকলক এনে আইনবিৰুদ্ধ কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়নি দিয়ে।জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিয়ষাৰ লগতে খাদ্য সুৰক্ষা বিভাগক জিলাখনৰ বিভিন্ন অংশত দোকানে-দোকানে গৈ আকস্মিক পৰিদৰ্শনৰ বাবে উপায়ুক্ত বিক্ৰম কৈৰীয়ে ইতিমধ্যে নিৰ্দেশ দিছে।সেইমতে,যোৱা ৯ এপ্ৰিলৰ পৰা দুয়োটা বিভাগৰ বিষয়াই কমলাবাৰী,গড়মূৰ,বনগাঁও আদি এলেকাত খাদ্য তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানত সামগ্ৰীসমূহৰ ম্যাদ পৰীক্ষাৰ অভিযান অব্যাহত ৰাখিছে।শনিবাৰে খাদ্য সুৰক্ষা বিষয়াৰ সৈতে যোগান বিভাগৰ বিষয়াৰ এটা দলে বনগাঁও এলেকাত ইতিমধ্যে আৰক্ষীয়ে গ্ৰাহকৰ অভিযোগৰ ভিত্তিত এখন দোকানৰ পৰা জব্দ কৰা ম্যাদ ওকলা খাদ্য সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰি ফ'ৰেনচিক গৱেষণাগাৰত পৰীক্ষাৰ বাবে বিধিগতভাৱে প্ৰেৰণৰ ব্যৱস্থা কৰে।ইফালে,জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পৰা এই বিষয়টোক অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে মাজুলীৰ উপায়ুক্ত কৈৰীয়ে।মাজুলী জিলাত ম্যাদ ওকলি যোৱা কোনো সামগ্ৰী গ্ৰাহকৰ অমনোযোগিতা-অজ্ঞানতাৰ সুযোগ লৈ বিক্ৰী কৰাৰ দৰে ঘটনাৰ প্ৰমাণ পালে,অভিযুক্ত ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ ফালৰ পৰা কঠোৰতম কাৰ্য ব্যৱস্থা গ্ৰহণ হ'ব বুলি উপায়ুক্তগৰাকীয়ে সতৰ্কবাণী শুনাইছে।উপায়ুক্তগৰাকীয়ে মাজুলীৰ জনসাধাৰণকো দোকানৰ পৰা এনে খাদ্য তথা অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাৰ সময়ত সামগ্ৰীবিধৰ ম্যাদ আছে নে নাই,সেয়া নিজেও নিশ্চিত হৈ লোৱাৰ উপৰি ন্যূনতম সামাজিক দূৰত্ব বজাই ৰখা আৰু চাবোনেৰে ভালদৰে হাত ধোৱাৰ নিয়মো মানি চলিবলৈ আহ্বান জনাইছে।

Your Comments