জিতুমণি নাথ,মৰিগাঁঁও:
ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ দেশজুৰি চলি থকা 'লকডাউন'ৰ সময়ত শ্ৰমজীৱী লোকসকলৰ খাদ্য সংকটৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়া কমল জ্যোতি গগৈ,স্বেচ্ছাসেৱী অনুষ্ঠান 'আকাংক্ষা'ৰ জৰিয়তে শ্ৰমজীৱীসকলৰ ৫০ টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী আৰু শাক-পাচলি বিতৰণ কৰে।মৰিগাঁও নগৰৰ সমীপৰ বগৰীগুৰি গাঁৱত বিতৰণ কৰা প্ৰক্ৰিয়াত জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ পৰিসংখ্যা বিষয়া আবুল কালাম আজাদ,স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ মঞ্জু দত্ত,কাশ্মীৰি দেৱী,মণিকা ডেকা আৰু সুৰভি ডেকা উপস্থিত থাকে।মৰিগাঁও জলসিঞ্চন বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা সঞ্জীৱন ভূঞাই নগৰখনৰ ৮ নং ৱাৰ্ডৰ গছবাৰীত ২০টা দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী,বস্ত্ৰ আৰু দুশ টকাকৈ বিতৰণ কৰে। মৰিগাঁৱৰ বিশিষ্ট ব্যৱসায়ী পোনাৰাম বৰাই গাড়ী চালক,হেন্দিমেন,শ্ৰমিক আদিৰ ১৫০ টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।মৰিগাঁও লায়ন্স ক্লাবৰ কৰ্মকতাসকলেও জালুগুটি,জৰাবাৰী আদিত শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।নটুৱাগাঁও অনিল বৰা স্মৃতি সংঘই শনিবাৰে গাঁওখনৰ শতাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।
- Log in to post comments
- 69 views