ডবকাৰ প্ৰতিবেদক:
"ক'ভিড ১৯"-ৰ ভয়াৱহতাৰ পৰা দেশবাসীক ৰক্ষা কৰিবলৈ চৰকাৰে দেশজুৰি 'লকডাউন' ঘোষণা কৰাৰ ফলত বহু দৰিদ্ৰ পৰিয়াললৈ ঘোৰ খাদ্য সংকট নামি আহিছে।এই পৰিয়ালবোৰলৈ চৰকাৰে পাৰ্যমানে সহায়ৰ হাত আগবঢ়োৱাৰ সময়ত বিভিন্ন সংস্থা-সংগঠনো আগবাঢ়ি আহিছে ৷ হোজাইৰ কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ কাষত খাদ্য-সামগ্ৰী লৈ থিয় দিছে হোজাইৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাই।হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাই শনিবাৰে হোজাইৰ চাৰিখন গাঁৱৰ এশটা দৰিদ্ৰ পৰিয়াললৈ সাহায্য সামগ্ৰী বিতৰণ কৰে।এই কথা সদৰি কৰে বিশ্ববিদ্যালয়খনৰ শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক উৎপল ফুকনে। ফুকনে জানিবলৈ দিয়া মতে, কলেজখনৰ শিক্ষক সন্থাই হোজাই চহৰৰ নিকটৱৰ্তী ডংকী গাওঁ,উত্তৰ বিদ্যানগৰ,ফকিৰাবস্তি,বিষ্ণুপল্লীৰ এশটা।দৰিদ্ৰ পৰিয়ালৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে।প্ৰতিটো পৰিয়ালক ৫ কেজি চাউল,১ কেজি দাইল,২ কেজি আলু,১ কেজি পিয়াঁঁজ,১ কেজি নিমখ,আধা লিটাৰ মিঠাতেল, ১ পেকেট বিস্কুট আৰু এটা চাবোন বিতৰণ কৰে।বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অমলেন্দু চক্ৰৱৰ্তী,ভাৰপ্ৰাপ্ত পঞ্জীয়ক বিমান কুমাৰ ভট্টকে ধৰি বিশ্ববিদ্যালয়খনৰ শৈক্ষিক-অনাশৈক্ষিক কৰ্মচাৰীয়ে মিলি এই সাহায্যৰ তদাৰক কৰে।আগন্তুক দিনবোৰত অধিক সাহায্য দিব বুলিও সাধাৰণ সম্পাদক উৎপল ফুকনে জানিবলৈ দিয়ে।সাহায্য বিতৰণতে ক্ষান্ত নাথাকি বিশ্ববিদ্যালয়খনৰ শিক্ষকসকলে উক্ত অঞ্চলৰ মানুহৰ মাজত ক'ভিড ১৯-ৰ ভয়াৱহতা সম্পৰ্কেও সজাগতাৰ সৃষ্টি কৰে৷
- Log in to post comments
- 13 views