'গোলাঘাটত এমাহৰ খাদ্য মজুত আছে'-মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ ঘোষণা  

Pic

গোলাঘাটৰ পৰা মীনাক্ষি ফুকন:

'লকডাউন'ৰ সময়চোৱাত গোলাঘাটৰ ৰাইজক আশ্বাস প্ৰদান কৰি শনিবাৰে খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ঘোষণা কৰে গোলাঘাটত এমাহৰ খাদ্য সামগ্ৰী মজুত থকাৰ কথা।গোলাঘাটৰ আৱৰ্ত ভৱনত শনিবাৰে এখন সংবাদ মেলত এই কথা ঘোষণা কৰে মন্ত্ৰীজনে।তদুপৰি,মন্ত্ৰীজনে কয় যে জিলা প্ৰশাসনৰ অনুমোদিত গেলামালৰ দোকানত উপলব্ধ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত কোনো বিক্ৰেতাই ল'ব নোৱাৰিব অধিক মূল্য।জিলা উপায়ুক্তই নিৰ্ধাৰণ কৰা মূল্যহে ল'ব পাৰিব সকলো বিক্ৰেতাই।এইক্ষেত্ৰত বিশেষ দৃষ্টি  ৰাখিব প্ৰশাসনে।ইতিমধ্যে অধিক মূল্য লোৱাৰ অপৰাধত চহৰখনত মুঠ চাৰিখনকৈ দোকান প্ৰশাসনে ছীল কৰিছে।সাংবাদিকৰে হোৱা  প্ৰশ্নৰ উত্তৰ দি গোলাঘাটৰ ব্যৱসায়ীসকলে যোৰহাটৰ পৰা অহা খাদ্য সামগ্ৰী ক্ৰয় কৰোতে অধিক মূল্য পৰিশোধ কৰি অহাৰ কথা খণ্ডন কৰি মন্ত্ৰীজনে কয় যে এই ক্ষেত্ৰত দুয়োখন জিলাৰ উপায়ুক্তই ইতিমধ্যে আলোচনা কৰিছে বুলি উল্লেখ কৰে।লগতে,দামৰ তাৰতম্যৰ উদাহৰণ দি মন্ত্ৰীজনে কয় যে দিল্লীত বৰ্তমান মচুৰ দাইলৰ দাম ৬৮ টকা।তেনেস্থলত অসমলৈ আনোতে হোৱা ব্যয়কে ধৰি মূল্যৰ  কিছু পাৰ্থক্য হোৱাটো স্বাভাৱিক কথা।যদিও গোলাঘাটবাসীয়ে আগন্তুক এমাহৰ বাবে খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন  হ'ব লগা নহয়। সংবাদ মেলত মন্ত্ৰীজনক সংগ দিয়ে পশুপালন মন্ত্ৰী অতুল বৰা,খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই।

Your Comments