'লকডাউন'ত বংশৰ,গন্ধমৌত সমাজকৰ্মী,চৰকাৰী কৰ্মচাৰী,বেচৰকাৰী সংগঠনৰ শ্ৰমজীৱী পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান

Pic

মৃণাল ডেকা,শুৱালকুছি:

 ক'ৰ'না ভাইৰাছ (ক'ভিড ১৯)ৰ ভয়াৱহতাক উপলব্ধি কৰি  ঘোষণা কৰা ২১ দিনীয়া লকডাউনত দিন হাজিৰা কৰি জীৱিকা উপাৰ্জন কৰা ৰাইজৰ মাজত তীব্ৰ খাদ্য সংকটে দেখা দিছে।এহাতে ক'ৰ'না আতংক,আনহাতে খাদ্যৰ সংকটত পৰি শ্ৰমজীৱী লোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে।এনে সময়তে শুৱালকুছি আৰক্ষী থানাৰ অন্তৰ্গত বংশৰ গোঁসাই চুপা নিবাসী ভাৰতীয় জীৱন বীমা নিগমৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা সমাজকৰ্মী ভবানীচৰণ দাসে আগবঢ়াইছে সহায়ৰ হাত।১০ এপ্ৰিলত তেওঁ চুবুৰীটোৰ ৫০ টা শ্ৰমজীৱী পৰিয়ালৰ মাজত দাইল , মিঠাতেল,চাউল,নিমখ,আলু আদি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ এককভাৱে আগবঢ়োৱা এই সামান্য খাদ্য - সামগ্ৰীয়ে পৰিয়ালকেইটাক কিঞ্চিত হলেও সকাহ দিব বুলি তেওঁ আশাবাদী।আনহাতে, চৰকাৰী কৰ্মচাৰীসকললৈ ৰাজ্য চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই গন্ধমৌ দাস চুপা অঞ্চলৰ উদ্যমী যুৱক নিপন ৰাজবংশী আৰু বিজয় কাকতিৰ উদ্যোগত অসম চৰকাৰৰ কৰ্মচাৰী দেৱকান্ত কাকতি,কনক চন্দ্ৰ দাস , ভূৱনেশ্বৰ কাকতি,নিৰঞ্জন দাস , হিতেশ দাস , ভূপেন কাকতি , ফণিধৰ দাস,মিন্টু কাকতি , দিগম্বৰ দাস,দিপ্তী কাকতি,দিপাংক দাস আৰু পংকজ দাসৰ সহযোগিতাত এশটা শ্ৰমজীৱী পৰিয়ালক দাইল,মিঠাতেল,চাউল,আলু,নিমখ , আদি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে ৷ 'সহযোগ সন্থা' নামৰ এটি বেচচৰকাৰী সন্থায়ো কেইবাটাও পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।

Your Comments