বঙাইগাঁৱৰ প্ৰতিবেদক:
ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ২৫ মাৰ্চৰ পৰা দেশজুৰি চলি থকা ২১ দিনীয়া লকডাউনৰ ফলত দুখীয়া পৰিয়ালসমূহ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে।এনে দুখীয়া পৰিয়ালসমূহক বিভিন্নজনে আগবঢ়াইছে সহায়ৰ হাত।এই দিশটোৰ প্ৰতি লক্ষ্য কৰি তথা চৰকাৰী নিৰ্দ্দেশ অনুসৰি বৃৃহস্পতিবাৰে বঙাইগাঁও জিলা তথ্য আৰু জনসংযোগ বিভাগৰ ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া সহিতে কাৰ্যালয়টোৰ কৰ্মচাৰী আৰু বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ যৌথ সহযোগিতাত জিলা সদৰৰ ৫২ টা দুখীয়া পৰিয়ালক চাউল, দাইল, মিঠাতেল, বিস্কুট, চাবোন, নিমখ, আলু আৰু পিয়াঁজ কাৰ্যালয়টোৰ চৌহদৰ পৰা বিতৰণ কৰা হয়।
খাদ্য সামগ্ৰীসমূহ ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া কবিতা ডেকাৰ লগতে বঙাইগাঁও প্ৰেছ ক্লাবৰ সদস্য তথ্য অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জিত শৰ্মা,কাকতখনৰ আন এগৰাকী সাংবাদিক ধৰম ৰঞ্জন ৰয়,সাংবাদিক প্ৰণৱ কুমাৰ ডেকা,কাৰ্যালয়টোৰ উচ্চ বৰ্গৰ সহায়ক উৎপল কুমাৰ কলিতা,সদ্য অৱসৰপ্ৰাপ্ত কাৰিকাৰক মোঃৰফিক আৰু উদ্ভাবক সমীৰ জ্যোতি বৰা আদিয়ে বিতৰণ কৰি সকলোকে চলি থকা লকডাউন সুচাৰুৰূপে মানি চলিবলৈও আহ্বান জনায় ।
- Log in to post comments
- 10 views