'অসম আৰোগ্য নিধি'লৈ বংশৰ-আজ্ঞাঠুৰীৰ ব্যক্তি,ধৰ্মীয় অনুষ্ঠানৰ আৰ্থিক সাহায্য প্ৰদান

Pic

মৃণাল ডেকা,শুৱালকুছি:

বিশ্বত্ৰাস ক’ভিড-১৯ ক'ৰ'না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,অসমৰ কাৰ্য্যালয়ত 'অসম আৰোগ্য নিধি'লৈ কামৰূপ জিলাৰ বংশৰৰ 'পি এন বি ইটা উদ্যোগ'ৰ স্বত্বাধিকাৰী তথা বিশিষ্ট সমাজকৰ্মী নাৰায়ণ চন্দ্ৰ বৈশ্যই ৮ এপ্ৰিলত এক লাখ এক হাজাৰ এশ এঘাৰ (১,০১১১১) টকা চেকযোগে আগবঢ়ায়।বংশৰ অঞ্চলৰ সামাজিক আৰু ধৰ্মীয় অনুষ্ঠান বংশৰ দৌল উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা সভাপতি কৰ্মেশ্বৰ পাঠক আৰু কোষাধ্যক্ষ ইন্দ্ৰকান্ত বৈশ্যই চেকযোগে পচিশ হাজাৰ টকা( ২৫০০০) আগবঢ়ায়।বংশৰ অঞ্চলৰ আন এজন বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া দেৱেন্দ্ৰ নাথ কাকতিয়ে দহ হাজাৰ টকা(১০,০০০) চেকযোগে অসম আৰোগ্য নিধিলৈ আগবঢ়ায়।আনহাতে,কামৰূপ জিলাৰ আজ্ঞাঠুৰীত অৱস্থিত ঐতিহাসিক দলিবাৰী অগ্নিবাণেশ্বৰ দেৱালৰ পৰিচলনা সমিতিৰ পৰাও বিশ হাজাৰ টকা অসম আৰোগ্য নিধিলৈ সাহায্য হিচাপে আগবঢ়ায়।

Your Comments