নলবাৰীৰ পৰা হেমন্ত কলিতা:
এজাক প্ৰচণ্ড ধুমুহাই বৃহস্পতিবাৰে নিশা প্ৰায় ১০ বজাত অসমৰ বিভিন্ন ঠাইৰ লগতে নলবাৰী জিলাৰ অন্তৰ্গত দহকোণীয়া গাঁৱৰ বিস্তৰ ক্ষতি কৰে।বহু লোকৰ বাসগৃহৰ টিনপাত উৰুৱাই নিয়ে।আৱাসৰ ক্ষতি কৰে।দহকোণীয়া গাঁৱৰ দ্বীপেন কলিতাৰ সাত বিঘা মাটিৰ প্ৰায় তিনি লাখ টকাৰ ব্ৰয়লাৰৰ ফাৰ্মখনৰ বিস্তৰ ক্ষতি সাধন কৰে।ফাৰ্মখন ধুমুহাই ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰাত দ্বীপেন কলিতা এতিয়া সম্পূৰ্ণৰূপে আৰ্থিক দিশত ভাঙি পৰিছে।ইয়াৰ লগতে নলবাৰীৰ দক্ষিণ প্ৰান্তৰ বিশখনৰ অধিক গাঁৱৰ ক্ষতি সাধন হয়।অঞ্চলটোৰ তিলানা গাঁৱৰ প্ৰদীপ কলিতাৰএটা ঘৰৰ যথেষ্ট ক্ষতি হয়।উল্লেখ্য যে গাঁওখনৰ ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে জিলা উপায়ুক্ত ভাৰত ভূূষন দেৱ চৌধুৰী৷
- Log in to post comments
- 15 views